লখিমপুৰঃ লখিমপুৰ জিলাৰ ঘূণাসুঁতিত গৰাখহনীয়াৰ তাণ্ডৱ। খহনীয়াৰ ফলত নদীৰ বুকুত জাহ গ’ল হাজাৰ হাজাৰ হেক্টৰ মাটি। স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি ১৯৯৯ চনৰ পৰাই আৰম্ভ হৈছিল এই খহনীয়া। কিন্তু আজি পৰ্যন্ত বিজ্ঞানসন্মত ভাৱে প্ৰতিৰোধৰ ব্যৱস্থা নকৰাৰ বাবে ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। এতিয়া ঘূণাসুঁতিৰ বালিভেটা, নাহৰণী আৰু উৰীয়ামতলাকে ধৰি কেইবাখনো গাঁও খহনীয়াৰ কবলত। এতিয়া স্থানীয় লোকসকলে নিজৰ সপোনৰ ঘৰখন ভাঙি নিৰাপদ স্থানলৈ যাবলগীয়া হৈছে।
নিৰ্বাচনৰ সময়ত প্ৰতিনিধি সকলে ভোট বিচাৰি আহি প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰে বুলি ক্ষোভ উজাৰিছে ভুক্তভোগী ৰাইজে। অতি সোনকালে বিজ্ঞানসন্মত ভাৱে প্ৰতিৰোধৰ ব্যৱস্থা কৰি ৰাইজক সুৰক্ষা প্ৰদান কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক কাতৰ অনুৰোধ জনাইছে স্থানীয় ৰাইজে।