নিউজ ডেস্কঃ আজিৰে পৰা অসমত আৰম্ভ হৈছে তৃতীয়টো বৃহৎ উচ্ছেদ অভিযান । বৰপেটা আৰু নগাওঁ জিলাত বেদখলকাৰীৰ উচ্ছেদ অভিযান সপন্ন হোৱাৰ পিছত এইবাৰ লখিমপুৰ জিলাৰ পাভ সংৰক্ষিত বনাঞ্চলত চলিছে এই অভিযান।

জানিব পৰা মতে, উচ্ছেদ অভিযান ম’হঘূলিৰ পৰা আৰম্ভ কৰিব আৰু এই অভিযানত সামৰি লোৱা হৈছে প্ৰায় ৫০১ হেক্টৰ ভূমি। উল্লেখ্য যে, উচ্ছেদ অভিযান চলোৱা এই ভূমিত আছে প্ৰায় ৩০৮ টা পৰিয়ালৰ বাসগৃহ।

এই অভিযানত প্ৰায় ৬০০ আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীক মোতায়ন কৰা হৈছে বুলি লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱাই জনায়। মঙলবাৰৰ এই উচ্ছেদ অভিযানৰ বাবে দেওবাৰে আৰক্ষী আৰু অৰ্ধ সামৰিক জোৱান সকলক ম’ক ড্ৰিল কৰাও পৰিলক্ষিত হয়।

উল্লেখ্য যে, এই অভিযানত এখন চৰকাৰী প্ৰাথমিক বিদ্যালয় আৰু অংগনবাড়ী কেন্দ্ৰও উচ্ছেদৰ কৱলত পৰা সম্ভাৱনা আছে, কাৰণ এই বেদখলকাৰী ভূমিতেই নিৰ্মাণ কৰা হৈছে এই দুয়োটা অনুষ্ঠান।

বেদখলকাৰী ভূমিত কেনেদৰে চৰকাৰৰ দুটা অনুষ্ঠান কাৰ্যক্ষম হোৱাৰ অনুমতি পালে এই বিষয়ক লৈও সবত্ৰে এতিয়া চৰ্চা হোৱা পৰিলক্ষিত হৈছে। জানিব পৰা অনুসৰি উচ্ছেদৰ সময়ত কোনো সংবাদ মাধ্যমক ফটো, ভিডিঅ’ সংগ্ৰহ কৰাৰ বাবে অনুমতি প্ৰদান কৰা হোৱা নাই।

তদুপৰি উচ্ছেদ অভিযানৰ জাননী দিয়াৰ পিছতেই সকলো বেদখলকাৰী লোকসকল প্ৰশাসনে নিৰ্দিষ্ট শিবিৰলৈ নতুবা অন্য ঠাইলৈ গুচি গৈছে। লগতে এতিয়া লৈকে লখিমপুৰ বন বিভাগৰ লোকে উচ্ছেদ কৰিবলগীয়া সীমা সঠিক কৈ বিবেচনা কৰি দিয়া নাই যাৰ বাবে প্ৰশাসনৰ লগতে স্থানীয় লোকো সমস্যাত পৰা দেখা গৈছে।

এনেধৰণৰ অভিযান চৰকাৰখনে ২০২২ চনৰ মে’ মাহৰ পৰা অসমৰ বিভিন্ন প্ৰান্তত বেদেখলমুক্ত কৰাৰ অভিযান অব্যাহত ৰাখিছে। শেহতীয়াকৈ নগাঁও জিলাত বেদখলকাৰী ভূমিমুক্ত অভিযানত প্ৰায় ৫০০০ ৰো অধিক লোকক উচ্ছেদ কৰা হৈছিল ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply