লখিমপুৰ: লখিমপুৰ আৱকাৰী বিভাগৰ ভয়ংকৰ আৰু নাভূত-নাশ্ৰুত কাণ্ড। এখন স্কুটীক লৈ এতিয়া টনা-আজোৰা লাগিছে লখিমপুৰ আৱকাৰী বিভাগত।

উল্লেখযোগ্য যে, যোৱা ৯ ফেব্ৰুৱাৰীত লখিমপুৰৰ চিয়াজুলিত স্থানীয় ৰাইজে এখন স্কুটীত ( As07-M-9590 নম্বৰ) অৰুণাচলী সুৰা সহ গতাই দিছিল লখিমপুৰ আৱকাৰী বিভাগক।

লখিমপুৰ আৱকাৰী বিভাগে সুৰা খিনি ছীল কৰি আদালতত দাখিল কৰে যদিও লুকুৱাই ৰাখে জব্দ কৰা স্কুটী খনৰ কথা।

ইফালে আৱকাৰী পৰিদৰ্শক চক্ৰধৰ বেজৰ নিৰ্দেশত সহকাৰী পৰিদৰ্শক দিলিপ কলিতাই স্কুটী খন এৰি দিয়ে।এই ঘটনা পোহৰলৈ অহাত ক্ষোভ প্ৰকাশ কৰিছে দল সংগঠনে ।

অৰুণাচলী সুৰাৰ সৈতে জব্দ কৰা বাহনৰ তথ্য লুকুৱাই ৰাখি পৰৱৰ্তী সময়ত গোপনে এৰি দিয়া কাৰ্য ফাদিল হোৱাৰ পিছতে এতিয়া হাহাকাৰ লাগিছে লখিমপুৰ আৱকাৰী বিভাগত।

মোটা অংকৰ ধনৰ বিনিময়ত আৱকাৰী পৰিদৰ্শক চক্ৰধৰ বেজে সহকাৰী পৰিদৰ্শকৰ দ্বাৰা বাহন খন এৰি দিয়াৰ অভিযোগ উঠিছে।

আদালতত তথ্য লকুৱাই ৰখাৰ কথা কেমেৰাৰ আগত স্বীকাৰো কৰিছে আৱকাৰী বিভাগৰ জিলাখনৰ দুগৰাকী সহকাৰী পৰিদৰ্শকে।
এই ঘটনাত জড়িত আৱকাৰী বিষয়াক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীত সৰৱ হৈ পৰিছে লখিমপুৰৰ দল-সংগঠন।

লগতে পঢ়ক- ইউক্ৰেইনৰ পৰা ছয় গৰাকী অসমৰ ছাত্ৰ-ছাত্ৰী ভাৰত পালেহি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply