লখিমপুৰঃ কৰোণাৰ বিভিষিকাময় পৰিস্থিতিত বহুতে নিজৰ কৰ্মসংস্থাপন হেৰুৱাব লগা হৈছে। কিছুলোকে নিজৰ চাকৰি এৰি স্ব-গৃহলৈ উভতি অহাও পৰিলক্ষিত হৈছে।
তেনে সময়তে মুম্বাইত ফেশ্বন ডিজাইনিং কোম্পানীত চাকৰি কৰি থকা লখিমপুৰৰ এগৰাকী উচ্চশিক্ষিত যুৱতীয়েও নিজৰ চাকৰি এৰি নিজ গৃহলৈ উভতি আহি স্বগৃহতে ক্ষুদ্ৰ বস্ত্ৰ উদ্যোগ আৰম্ভ কৰি স্বনিৰ্ভৰশীল হৈ উঠিছে।
উত্তৰ লখিমপুৰৰ মিলন নগৰৰ ধৰিত্ৰী গগৈ নামৰ যুৱতী গৰাকীয়ে পশ্চিমবংগৰ তিনিজনকৈ কাৰিকৰ আৰু স্থানীয় সাতগৰাকী মহিলাক লগত লৈ যোৱা ছমাহৰ পৰা কাপোৰ উৎপাদন আৰম্ভ কৰিছে।
লগতে পঢ়কঃপ্ৰতিবাদৰ মাজতেই চুক্তি স্বাক্ষৰকাৰীক সম্বৰ্ধনা
পাট ,মুগা আৰু নুনীকে ধৰি অসমীয়া সমাজত প্ৰচলিত সকলোধৰণৰ কাপোৰ উৎপাদন কৰি লকডাউনৰ সময়ছোৱাত এক লাখৰো অধিক টকাৰ কাপোৰ বিক্ৰী কৰিবলৈ সক্ষম হৈছে ৷
ধৰিত্ৰীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাপোৰ যোগান ধৰি আহিছে। শ্বিলঙৰ NIFT ত ফেশ্বন ডিজাইনিঙৰ ডিগ্ৰী লাভ কৰিছিল ধৰিত্ৰীয়ে।
ধৰিত্ৰীয়ে এছ এছ ধৰিত্ৰী গগৈ বুলি এক কোম্পানী পঞ্জীয়নৰ বাবেও যো-জা কৰি আছে ৷
তেওঁ থলুৱা ডিজাইনবোৰক নতুনকৈ সজাই তুলি পাট- মুগা কাপোৰ বোৰত ব্যতিক্রমী ভাৱে কৰা ডিজাইন বোৰে বিশেষ সমাদৰ লাভ কৰিছে।
মুগা আৰু পাট কাপোৰত কৰা ডিজাইন দক্ষিণ আফ্ৰিকাৰ যুৱতীয়েও পৰিধান কৰিছে ৷

অসমীয়া একাংশ শিল্পী আৰু অভিনেত্ৰীয়েও ধৰিত্ৰীয়ে ডিজাইন কৰা কাপোৰ ব্যৱহাৰ কৰিছে ৷ ধৰিত্ৰীয়ে ডিজাইন কৰা পাট-মুগাৰ উপৰিও কপাহী সূতাৰ বিভিন্ন ডিজাইনৰ অন্যান্য বস্ত্ৰয়েও জনপ্ৰিয়তা লাভ কৰিছে ৷