লখিমপুৰঃ উদুলি-মুদুলি ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈৰ মʼহঘূলি চাপৰি। বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনস্থলী ঐতিহাসিক ফাটবিহু আজিৰে পৰা তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত মহঘুলি চাপৰিত উদযাপন কৰা হৈছে। ফাটবিহুৰ প্ৰথম দিনাৰ কাৰ্যসূচী উপলক্ষে পতাকা উত্তোলন, স্মৃতি তৰ্পন, বিহু দলসমূহলৈ আদৰণি আৰু মঞ্চ মুকলি কৰা হয়। লগতো আজি টকা বিহু আৰু চেমনীয়া হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হ’ব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিয়ে।
লগতে পঢ়কঃচৰকাৰী চাকৰি লাভ কৰাৰ ক্ষেত্ৰত বিশেষ কৌশল! পিছে কি হয়?
ফাটবিহুৰ উপলক্ষে সেয়ে ঢকুৱাখনাত উদুলি মুদুলি পৰিৱেশ। ডেকা-গাভৰু, জীয়ৰী-বোৱাৰী সকলোৱে নাচি বাগি আনন্দ কৰাৰ পৰিলক্ষিত হৈছে। উল্লেখ্য যে, ফাট বিহু ব’হাগ মাহৰ শেষৰটো শুকুৰবাৰ, শনি আৰু দেওবাৰে প্ৰতিবছৰে তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰি অহা হৈছে।