লখিমপুৰঃ আটাছুৰ নেতা হিটলাৰ দিহিঙীয়াৰ মৃত্যুৰ উচিত বিচাৰ তথা দোষীৰ শাস্তিৰ দাবী জনাই মঙলবাৰে কণমানি সন্তান সহ হিটলাৰৰ বিধবা পত্নী হাজিৰ হয় লখিমপুৰ সদৰ থানাত।
বিধৱা পত্নীগৰাকীয়ে চুইচাইড নোটত উল্লেখ থকা কেইজনৰ শাস্তিৰ বিহিবলৈ আৰক্ষীক আহ্বান জনায়।
আনহাতে, চুইচাইড নোটত উল্লেখ থকা মৃদুল কোঁৱৰ,গুণ ফুকন আৰু অচ্যুত বুঢ়াগোহাঁইক গ্ৰেপ্তাৰৰ দাবীৰে সদৰ থানাত গোচৰ তৰে জাগৃত নাৰী শক্তি সমিতিয়ে।
লগতে পঢ়কঃঅসম সচিবালয়ৰ ভিতৰত ঘোচ লৈ হাতে-লোটে ধৰা পৰিল কৰ্মচাৰী
সমিতিৰ অভিযোগ মতে, টাই আহোম ছাত্ৰ সন্থাৰ লগতে টাই আহোম কৃষ্টি বিকাশ কেন্দ্ৰৰ জন্মদাতা হিটলাৰক সংগঠনৰ একাংশই অবহেলা কৰাৰ বাবেই হতাশাগ্রস্ত হৈ হিটলাৰে আত্মহত্যাৰ পথ বাছি লয়।
দোষীক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবীৰে এজাহাৰ দাখিল কৰে মহিলা সংগঠনটোৱে।
উল্লেখ্য যে, ঘটনা সন্দৰ্ভত আৰক্ষীয়ে উচিত বিচাৰৰ আশ্বাস দিলেও এই পৰ্যন্ত কাকো গ্ৰেপ্তাৰ কৰা নাই।