পল্লব মিলি, লখিমপুৰঃ লখিমপুৰত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। জিলাখনৰ হাৰমতীত সংঘটিত এই অগ্নিকাণ্ড। জানিব পৰা মতে, হাৰমতী ৰে’ল ষ্টেচনৰ সমীপৰ যতীন দেউৰী নামৰ লোকজন বাসগৃহত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে।
ঘৰত কোনো নথকাৰ সময়তে সংঘটিত হয় এই অগ্নিকাণ্ড। উল্লেখ্য যে, যতীন দেউৰী নামৰ লোকজন শ্বিলঙত ভাৰতীয় সেনাত কৰ্মৰত৷ এই অগ্নিকাণ্ডত তেওঁৰ বাসগৃহত থকা সকলো সা-সম্পত্তি ভস্মীভূত হৈ যায়। ইফালে, বাসগৃহটো সম্পূৰ্ণ ৰূপে ভস্মীভূত হোৱাৰ পাছতে অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয়।
ইফালে, এগৰাকী স্থানীয় লোকে এই সন্দৰ্ভত কয় যে- ”আমি ধোঁৱা ওলাই থকা দেখি চাবলৈ আহোতে ঘৰটো প্ৰায় জ্বলি শেষ হৈছিল। মহিলাগৰাকীয়ে গাঁৱৰে এঘৰ মানুহলৈ যোৱা সময়ত এই ঘটনা সংঘটিত হয়।” লগতে স্থানীয় ৰাইজে বিদ্যুৎস্পৃষ্ট হৈ এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে।