লখিমপুৰঃ লখিমপুৰ জিলাৰ চাউলধোৱা আৰক্ষী চকীৰ অধীনস্থ মিলিজুলিত দুৰ্বৃত্তই জ্বলাই দিলে বাসগৃহ।

অতি দৰিদ্ৰ বিজিত হাজৰিকা আৰু ববিতা হাজৰিকা নামৰ স্বামী-স্ত্ৰী ঘৰৰ ওচৰতে অনুষ্ঠিত হৈ থকা বিহু অনুষ্ঠানলৈ গৈছিল।

বিদ্যুৎ সংযোগ নথকা গৃহটো ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি দুৰ্বৃত্তই জ্বলাই দিলে বাসগৃহটো। গাঁৱৰ ৰাইজৰ তৎপৰতাত অগ্নি নিৰ্বাপিত হৈ যদিও নৱনিৰ্মিত ঘৰটো সম্পূৰ্ণ নষ্ট হৈ যায় ।

সোমবাৰে ৬ বাজি ৩০মিনিটত বজাত সংঘটিত হয় ঘটনা। এই ঘটনাই সমগ্র অঞ্চলজুৰি তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply