লখিমপুৰঃ লখিমপুৰ জিলাৰ বগীনদীত নিশা গুলীচালনাৰ ঘটনা। ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত ব্ৰইলাৰৰ দানা কঢ়িওৱা ট্ৰাক চালকক গুলীয়ালে সত্যজিৎ ৰেগন নামৰ এজন লোকে। সত্যজিৎ ৰেগন বিগত বিধানসভা নিৰ্বাচনত ঢকুৱাখনা সমষ্টিৰ এজেপিৰ প্ৰাৰ্থী আছিল।
লগতে পঢ়কঃবিলাসীপাৰাত ৰে’লৰ খুন্দাত নিহত পিতা-পুত্ৰ
সত্যজিতৰ গুলীত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় গুল বাহাৰ আলী নামৰ চালকজন। চালকজনৰ বুকুত এটা গুলীয়ে আঘাত কৰে। বৰ্তমান গুল বাহাৰ আলীক AMCH লৈ প্ৰেৰণ কৰা হৈছে। গুলীত আঘাপ্ৰাপ্ত হোৱা চালক জনৰ ঘৰ বৰপেটাত বুলি জানিব পৰা গৈছে। কি কাৰণে সত্যজিৎ ৰেগনে এই ঘটনা সংঘটিত কৰিলে সেইয়া আৰক্ষীৰ তদন্তহে পোহৰলৈ আহিব।