YouTube video

লখিমপুৰ: হিন্দু সন্তৰ বেশত থকা প্ৰৱঞ্চক ইছলাম উদ্দিন আলী পৰিল আৰক্ষীৰ জালত। বিগত দুই/তিনি মাহ ধৰি গেৰুৱা বস্ত্ৰ পৰিধান কৰি গো-মাতাৰ পূজাৰী হিচাপে লখিমপুৰৰ বিভিন্ন প্ৰান্তত ঘূৰি ফুৰিছিল উত্তৰ প্ৰদেশৰ বাহৰাইছ জিলাৰ যুৱক জন।

নিজকে পৰিচয় দিছিল মুন্না লাল গোস্বামী বুলি। লখিমপুৰৰ হাৰমতিৰ সন্দীপনী অকাডেমীত আশ্ৰয় গ্ৰহণ কৰি জিলা খনৰ বিভিন্ন প্ৰান্তত মুন্নালাল ওৰফে ইছলাম উদ্দিনে চলাই গৈছিল গো-মাতাৰ পূজা। গো-মাতাৰ পূজাৰ জৰিয়তে সাধাৰণ লোকৰ অপায়-অমংগল দূৰ কৰাৰ নামত প্ৰৱঞ্চনা কৰি ধন ঘটিছিল ছদ্মবেশী যুৱক জনে।

আৰু পঢ়ক: জটিল ৰোগত আক্ৰান্ত হৈ ডেৰ বছৰে বিচনাত পাৰ কৰা পুত্ৰক সহায়ৰ আহ্বান পিতৃ- মাতৃৰ

আনকি বৃন্দাবন যোৱাৰ নামতো একাংশ লোকৰ পৰা দাবী কৰিছিল ধন। ইয়াতেই সন্দেহ উপজিল একাংশ স্থানীয় লোকৰ। খবৰ দিলে বিশ্ব হিন্দু পৰিষদৰ বজৰং দলক। হিন্দুত্ববাদী সংগঠন কেইটাই জেৰা কৰাত ওলাই পৰিল জোলোঙাৰ মেকুৰী। নিজকে মুন্নালাল গোস্বামী বুলি পৰিচয় দি হিন্দু সন্তৰ ভাও লোৱা যুৱক জনৰ পানকাৰ্ড, আধাৰকাৰ্ড আদিত পৰিচয় ওলাল ইছলাম উদ্দিন আলী বুলি। অৱশেষত হাৰমতি আৰক্ষী উপস্থিত হৈ আটক কৰে প্ৰৱঞ্চকটোক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply