লখিমপুৰঃ ”মামা তুমি মোক সহায় কৰা। মই জীয়াই থাকিব বিচাৰোঁ, তুমি আমাক সহায় কৰা মামা৷ মোৰ দেউতাই সকলো মাটি বাৰী বিক্ৰী কৰি চিকিৎসা কৰাইছে মোক ৷ চিকিৎসা কৰাবলৈ এতিয়া দেউতাৰ হাতত কোনো ধন নাই ৷ ” হিমন্ত মামালৈ কান্দি কান্দি সহায় বিচাৰিলে এজনী কণমানি স্কুলীয়া ছাত্ৰীয়ে ৷
লখিমপুৰ জিলাৰ গোহাই পুখুৰী গাৱঁৰ আশ্বফিয়াৰা নামৰ ছাত্ৰীগৰাকী দুবছৰ ধৰি মাৰাত্মক ৰোগত আক্ৰান্ত হৈ আছে। বিভিন্ন ঠাইত চিকিৎসা গ্ৰহণ কৰিয়ো সুস্থ হোৱা নাই আশ্বফিয়াৰা ৷ দিন হাজিৰা কৰা আশ্বফিয়াৰাৰ পিতৃয়ে টকাৰ অভাৱত লৈ যাব পৰা নাই উন্নত চিকিৎসালয়লৈ। যাৰ বাবে চৰকাৰ আৰু ৰাইজৰ পৰা সহায় বিচাৰিছে আশ্বফিয়াৰা আৰু পিতৃয়ে ৷
লগতে পঢ়কঃলাওখোৱা অভয়াৰণ্যত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এগৰাকী মহিলা
কোনো হৃদয়বান লোকে দুৰ্ভগীয়া ছাত্ৰী গৰাকীক সহায় আগবঢ়াব বিচাৰিলে 38736172020 IFSC- SBIN0007372 বেংক একাউণ্টত সহায় আগবঢ়াব পাৰিব ৷
লগতে 8761928628 নাম্বাৰত Google Pay অথবা Phone Pay কৰিয়ো আগবঢ়াব পাৰিব ধন ৷
আপোনাৰ অকনমাণ সহায়ে হয়তো ৰক্ষা কৰিব এজনী কণমানিৰ জীৱন ৷