লখিমপুৰ, পল্লব মিলিঃ লখিমপুৰত এইবাৰ শিক্ষকৰ ৰূপত অভিভাৱক। চৰকাৰী প্ৰাথমিক বিদ্যালয়ত শিক্ষক নথকাৰ বাবেই গাঁৱৰ শিক্ষিত যুৱকেই বিদ্যালয়ত অব্যাহত ৰাখিছে পাঠদান। উল্লেখযোগ্য যে, ৰাজ্যত আজিৰে পৰা তৃতীয় পৰ্য্যায়ৰ গুণোৎসৱ আৰম্ভ হৈছে।

গুণোৎসৱ আৰম্ভ হোৱাৰ দিনটোতে এই দৃশ্য দেখা গ’ল লখিমপুৰ জিলাৰ আমতলা সামূহিক প্ৰাথমিক বিদ্যালয়ত। গুণোৎসৱ আৰম্ভ হৈছে যদিও, জিলাখনৰ এই আমতলা সামূহিক প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ভাগ লোৱা নাই বিদ্যালয়ৰ গুণোৎসৱত।

নিকটৱৰ্তী পকাদ’ল প্ৰাথমিক বিদ্যালয়ত এই বিদ্যালয়খন চামিল কৰা হ’ল যদিও অভিভাৱকে সেই বিদ্যালয়লৈ নপঠিয়াই ছাত্ৰ-ছাত্ৰীক। ৩২ গৰাকী ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খনত এতিয়া নাই শিক্ষক। নাওবৈচাৰ আমতলা সামূহিক প্ৰাথমিক বিদ্যালয়ৰ দুই শিক্ষকক সোমবাৰে লৈ যোৱা হৈছে পকাদ’ল প্ৰাথমিক বিদ্যালয়লৈ।

ইফালে, এই চামিল কৰণৰ বিৰোধিতাৰে বুধবাৰে বিদ্যালয় চৌহদলৈ ওলাই আহিল অভিভাৱকসকল। একেমুখে ক’লে- কোনো কাৰণতে পকাদ’ল প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত গুণোৎসৱত ভাগ নলয় তেওঁলোকৰ ল’ৰা-ছোৱালী সকলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply