লখিমপুৰ, পল্লব মিলিঃ লখিমপুৰ শিক্ষাখণ্ডৰ সোৱণশিৰি আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ গুণোৎসৱৰ মাজতে হিংসাত্মক ঘটনা সংঘটিত হৈছে। আৰক্ষী-অৰ্ধশতাধিক বাহিনীৰ কটকটীয়া নিৰাপত্তাৰ মাজত সম্পন্ন হয় গুণোৎসৱ। তাৰ মাজতে প্ৰধান শিক্ষক ডিম্বেশ্বৰ দাসৰ দুৰ্নীতি কেলেংকাৰীৰ বিৰুদ্ধে শতাধিক ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে।

গুণোৎসৱ চলি থকাৰ সময়তে প্ৰধান শিক্ষকৰ লগত অহা টুটুমণি দাস নামৰ এগৰাকী মহিলাৰ প্ৰহাৰত আহত হয় নৰেন দাস নামৰ নামঘৰীয়া। ইফালে, ঘটনাক লৈ ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰাৰ পাছত আৰক্ষীয়ে আটক কৰে টুটুমণি দাসক। বিদ্যালয়খনত প্ৰধান শিক্ষক ডিম্বেশ্বৰ দাসে চলোৱা অনিয়মত অতিষ্ঠ হৈ বিদ্যালয়তে শিক্ষকক ঘেৰাও কৰি স্থানীয় ৰাইজে সাব্যস্ত কৰে এই প্ৰতিবাদ কাৰ্যসূচী।

ৰাইজৰ অভিযোগ- বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ অত্যাচাৰত গাওঁখনৰ ছাত্ৰ-ছাত্ৰী সকল বিদ্যালয়লৈ যাবলৈ ভয় কৰে। প্ৰধান শিক্ষকজন ফাৰ্মাচীত থাকি অন্য মহিলাক বিদ্যালয়ত পঢ়োৱাবলৈ দিয়ে দায়িত্ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply