লখিমপুৰঃ লখিমপুৰ জিলাৰ বগীনদীস্থিত গজাই মনাই ক্ষেত্ৰত জনজাতি ধৰ্ম সংস্কৃতি সুৰক্ষা মঞ্চই আজি এক সংবাদমেল সম্বোধন কৰে।

এই সংবাদমেলত জনজাতি ধৰ্ম সংস্কৃতি সুৰক্ষা মঞ্চই অভিযোগ কৰে যে- হিন্দু ধৰ্মৰ জনজাতিৰ লোক সকলৰ সৰলতাৰ সুযোগলৈ বিভিন্ন প্ৰলোভন দি খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰ কৰা হৈছে। বহু জনজাতীয় লোকে ইতিমধ্যে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে। টকা-পইচা, ৰোগৰ পৰা মুক্তিৰ প্ৰলোভন দি খ্ৰীষ্টান ধৰ্ম পালন কৰিবলৈ বাধ্য কৰোৱা হৈছে।

আজিৰ এই সংবাদমেলত মঞ্চৰ তৰফৰ পৰা অহা ২৪ এপ্ৰিলত এই সন্দৰ্ভত লখিমপুৰ জিলাৰ জনজাতি ধৰ্ম সংস্কৃতি সুৰক্ষা মঞ্চই এক বৃহৎ জনজাতি সন্মিলন অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে। ভাৰত চৰকাৰে সংবিধানৰ ৩৪২- ২(ক) ধাৰা সংশোধন কৰাই জনজাতি সকলৰ ধৰ্ম সংস্কৃতি সুৰক্ষা কৰাৰ পদক্ষেপ গ্ৰহণ নকৰিলে ৰাজপথলৈ ওলাই আহিব বুলিও সকীয়াই দিয়ে।

সংবাদ মেলত লগতে লখিমপুৰ জিলা মঞ্চৰ সভাপতি বিজু টাইদ, উপদেষ্টা ভগীৰাম বড়ী, লখিমপুৰ সদৰ মণ্ডলৰ সভানেত্ৰী সঙ্গীতা বৰদলৈ, পূৰ্ণকালীল সদস্যা চম্পা বড়ীও অংশগ্ৰহণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply