লখিমপুৰঃ ধনৰ লোভত নিজ মাতৃয়ে কন্যাক বিক্ৰী কৰিলে বহিঃৰাজ্যৰ নাৰী দেহ চক্ৰৰ হাতত।
লখিমপুৰ আৰক্ষীৰ জালত পৰিল মানৱ সৰবৰাহকাৰীৰ চক্ৰৰ বৃহৎ দল।
তিনিগৰাকী মহিলা সহ বহিঃৰাজ্যৰ চাৰিজন ব্যক্তিক আটক কৰে আৰক্ষীয়ে।
লখিমপুৰ ৰেল ষ্টেচনৰ পৰা ৰাজস্থানলৈ যাবলৈ ওলাওতেই আৰক্ষীয়ে আটক কৰে দলটোক।
আটক কৰা লোককেইজন হ’ল ৰমেশ কুমাৰ দুবি, আজাদ পাৰিক, মহেশ কুমাৰ পনোৱাৰ, বলবিন্দৰ সিং।
এই মানৱ সৰবৰাহকাৰী দলটোক পানীগাঁৱৰ মাজগাঁৱৰ এগৰাকী মহিলাই ১ লাখ ৩০ হাজাৰ টকাত বিক্ৰী কৰিছিল নিজ কন্যা সন্তানক।
দলটোৱে ছোৱালীজনী লৈ যাবলৈ এখন ভুৱা বিবাহৰ চুক্তিপত্ৰও কৰি লৈছিল।
এই খবৰ লাভ কৰাৰ পাছতেই আৰক্ষীয়ে অভিযান চলাইছিল।
আৰক্ষীয়ে ইতিমধ্যে ৰাজস্থানৰ দালাল কেইটাৰ লগতে বিক্ৰীৰ কৰাৰ বাবে ছোৱালীজনীৰ মাতৃ, লগতে এই কাৰ্য্যত সহযোগ কৰা জিলাখনৰ আন এগৰাকী মহিলাকো গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।