লখিমপুৰঃ লখিমপুৰৰ অসম-অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা। ৰঙা সংৰক্ষিত বনাঞ্চলত অসমৰ বন বিভাগৰ দলক আবদ্ধ অৰুণাচলী বেদখলকাৰীৰ।

পাৱাৰগ্ৰীডৰ লাইনৰ কাম পৰিদৰ্শন কৰিবলৈ গৈছিল লখিমপুৰৰ DFO অশোক কুমাৰ দেৱ চৌধুৰী সহ বনবিভাগৰ দল।

লগতে পঢ়কঃঅসম হ’ব ভাৰতৰ মাতৃভাষা ভিত্তিক শিক্ষাৰ প্ৰয়োগশালা : কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী
অসমৰ বনাঞ্চলত অৰুণাচলীয়ে পথ নিৰ্মাণ কৰা দেখি বাধা দিছিল বনবিভাগৰ দলটোৱে। তাতেই ক্ষুন্ন হৈ আবদ্ধ কৰে বনবিভাগৰ দলক।

DFO গৰাকীৰ মোবাইল ফোন কাঢ়ি লয় দুৰ্বৃত্তই । আনকি বনৰক্ষীৰ মাৰনাস্ত্ৰয়ো কাঢ়ি ল’বলৈ চেষ্টা কৰে।

অৰুণাচলী দুৰ্বৃত্তই বনৰক্ষীৰ পোছাকো ফালি পেলায়। অসমৰ বনবিভাগ আৰু আৰক্ষীৰ বিশাল বাহিনীয়ে মুকলি কৰি আনিছে বনবিভাগৰ দলটোক। সম্প্ৰতি সীমান্তত অব্যাহত উত্তেজনা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply