পল্লব মিলি, লখিমপুৰঃ ৰাজ্যত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা। লখিমপুৰৰ বগীনদীত বন বিভাগে অভিযান চলাই আজি জব্দ কৰিলে অৰ্ধ লক্ষাধিক টকাৰ চোৰাং শিমলু কাঠ।
ভীমপৰাৰ পৰা লখিমপুৰ জিলা সদৰৰ বিভিন্ন স্থানলৈ চোৰাংকৈ সৰবৰাহ কৰিবলৈ বিহদিয়া ঘাটত মজুত কৰা অবৈধ কাঠখিনি বনবিভাগে জব্দ কৰে। উল্লেখ্য যে, লখিমপুৰ জিলা আঞ্চলিক বন বিষয়াৰ নেতৃত্বত চলিছিল এই অভিযান।
লখিমপুৰ জিলাৰ ভীমপৰা পঞ্চায়তৰ বিভিন্ন ঠাইৰ পৰা জিলা সদৰলৈ প্ৰায় প্ৰতিদিনাই সৰবৰাহ হয় চোৰাং শিমলু কাঠ। এই সন্দৰ্ভত বিভিন্ন সময়ত লখিমপুৰ জিলাৰ বিভিন্ন সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ কৰি আহিছে যদিও এই বিষয়টোক বিশেষ গুৰুত্ব প্ৰদান কৰা নাছিল বন বিভাগে।
তাৎপৰ্যপূৰ্ণ ভাৱে আজি পুৱতি নিশাৰ পৰাই সোৱণশিৰি নদীৰ দুয়োপাৰে অভিযান চলাই দুটা স্থানৰ পৰা কাঠখিনি জব্দ কৰে বনবিভাগে।