পল্লব মিলি, লখিমপুৰঃ লখিমপুৰ জিলা বন সংমণ্ডলৰ অধীনৰ তথা তাৰিয়নি বনখণ্ডৰ অন্তৰ্গত ভীমপৰাৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে শিমলু কাঠৰ ৰমৰমীয়া চোৰাং বেহা। সোৱণশিৰি নদীৰ বুকুয়েদি ভূৰবান্ধি প্ৰতিদিনে লখিমপুৰ জিলা সদৰৰ বিভিন্ন স্থানত থকা কাঠ মিলত এই সমূহ শিমলু কাঠ চোৰাংকৈ সৰবৰাহ কৰি থকা হৈছে, যদিও লক্ষণীয়ভাৱে এই বিষয়ত ৰহস্যজনকভাৱে মৌনতা অৱলম্বন কৰি আহিছে লখিমপুৰ জিলা বন সংমণ্ডলৰ বিষয়ববীয়া সকলে।

আনকি চোৰাং কাঠ সৰবৰাহ হৈ থকাৰ নিশ্চিত তথ্য লাভ কৰাৰ পিছতো লখিমপুৰ জিলা বন বিভাগে চোৰাং শিমলু কাঠ জব্দ কৰিব নোৱাৰা বিষয়টোৱে যথেষ্ট ৰহস্যৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে, এসময়ত বগীনদী উন্নয়ন খণ্ডৰ অন্তৰ্গত ভীমপাৰা পঞ্চায়তৰ বিভিন্ন গাঁৱত অগণন সংখ্যক বিভিন্ন জাতৰ শিমলু গছে ভৰি পৰি আছিল।

কিন্তু দুৰ্ভাগ্যজনক বিগত কেইবা বছৰ পূৰ্বৰ পৰা একাংশ ধনলোভী দুষ্কৃতিকাৰীৰ কৱলত পৰি পঞ্চায়তখনৰ শিমলু গছ অবাধ হাৰত ধাৰাবাহিকভাৱে কাটি কাঠ বনাই লখিমপুৰ জিলা সদৰৰ লগতে বগীনদীৰ বিভিন্ন স্থানত নিতৌ চোৰাংকৈ সৰবৰাহ কৰি থকা হৈছে।

লখিমপুৰ জিলা বন বিভাগে কেইবাবাৰো অভিযান চলাই কোটি টকাৰো অধিক মূল্যৰ চোৰাং কাঠ জব্দ কৰিছে যদিও, বনবিভাগে আজিলৈকে ভীমপৰাত চলি থকা শিমলু কাঠৰ চোৰাং বেহা উৎখাত কৰিব পৰা নাই অথবা এই চোৰাং বেহাত জড়িত থকা এজনো দুষ্কৃতিকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।

এই ক্ষেত্ৰত লখিমপুৰ জিলা বন বিভাগৰ চৰম ব্যৰ্থতা অথবা উদাসীনতা পৰিলক্ষিত হৈছে সাংবাদিকৰ এটা দলে কালি ভীমপৰাত উপস্থিত থকাৰ সময়ত। ভীমপৰাৰ ৩ নং পাৰঘাটেৰে গৈ ভীমপৰাত গৈ উপস্থিত হোৱা সাংবাদিকৰ দলে চোৰাংকৈ শিমলু কাঠৰ ভূৰবান্ধি সোৱনশিৰি নদীৰ বুকুয়েদি সৰবৰাহ কৰি থকা আৰু নদীৰ পাৰত দমাই থোৱা কাঠৰ দম দেখি তাৰিয়নি বনখণ্ডৰ বন বিষয়া শুকুৰ আলি আৰু আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত ফোন যোগে অৱগত কৰাৰ পিছতো, বন বিভাগে কোনো গুৰুত্ব প্ৰদান নকৰাত চোৰাং কাঠখিনি নিৰ্বিঘ্নে সৰবৰাহ কৰিবলৈ সক্ষম হয় চোৰাং কাঠ বেপাৰীৰ দলটো।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply