লখিমপুৰঃ লখিমপুৰৰ জিলাৰ নাওবৈছাৰ ৰাজআলি কোঁৱৰপুৰত বিদ্যুৎ বিভাগৰ ভয়ংকৰ কাণ্ড।

বিদ্যুৎ বিভাগৰ অকৰ্মণ্যতা আৰু গাফিলতিত ট্ৰান্সফৰ্মাৰৰ ওপৰত জ্বলি উঠিল এজন যুৱক।

বিদ্যুৎ কৰ্মচাৰী উপস্থিত থাকি উচ্চ ক্ষমতা সম্পন্ন ট্ৰান্সফৰ্মাৰ মেৰামতিৰ কামত লগাইছিল স্থানীয় যুৱকক।

কাম চলি থাকোতেই হঠাৎ কাৰ্যালয়ৰ পৰা লাইন অন কৰাত ট্ৰান্সফৰ্মাৰৰ ওপৰতে জ্বলি উঠিল অনুপ ৰয় নামৰ যুৱক জন।

গুৰুতৰভাৱে আহত যুৱকজনক সংকটজনক অৱস্থাত উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তেওঁৰ অৱস্থা অতি গুৰুত্বৰ হোৱাত চিকিৎসকে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

লগতে পঢ়কঃযোৰাবাটত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

এই ঘটনা সংঘটিত হোৱাৰ পিছতেই ঘটনাস্থলীতে স্থানীয় ৰাইজে আৱদ্ধ কৰে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক।

অৱশেষত দ’লহাট আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে বিদ্যুৎ বিভাগৰ অভিযুক্ত কৰ্মচাৰীক।

স্থানীয় ৰাইজে অঞ্চলটোৰ বিসংগতিপূৰ্ণ ট্ৰান্সফৰ্মাৰৰ অভিযোগ দিছিল বিদ্যুৎ বিভাগক।

বিভাগৰ কৰ্মচাৰী তলত ৰৈ থাকি ট্ৰান্সফৰ্মাৰত উঠাই দিছিল অনুপ ৰয় নামৰ স্থানীয় যুৱক জনক।

এই ঘটনাৰ পিছতেই অঞ্চলজুৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ।

নাওবৈছা বিদ্যুৎ সংমণ্ডল দায়িত্ববাহী বিষয়া-অভিযন্তাৰ অকৰ্মণ্যতাৰ বাবেই এই ভয়ংকৰ ঘটনা সংঘটিত হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply