লখিমপুৰ, পল্লব মিলিঃ সন্ধানহীন পিতৃক বিচাৰি লখিমপুৰৰ ৰাজপথত ঘূৰিছে কন্যা। পিতৃক বিচাৰি ব্যাকুল হৈ পৰা কন্যাই পথচাৰীক ফটো দেখুৱাই দেখুৱাই বিচাৰিছে পিতৃৰ সন্ধান।
জানিব পৰা মতে, ৯ দিন পূৰ্বে পিতৃ সন্ধানহীন হোৱা খবৰ লাভ কৰাৰ পাছতে দিল্লীৰ পৰা আহি লখিমপুৰত উপস্থিত হয় যুৱতীগৰাকী। সৰু এখন দোকান চলাই পৰিয়াল পোহপাল দিয়া কৃষ্ণ তামাং নামৰ লোকজনে ল’কডাউনৰ সময় চোৱাত সন্মুখীন হৈছিল ব্যাপক লোকচানৰ।

কোভিড সৃষ্টি পৰিৱেশৰ বাবে জাৰি কৰা ল’কডাউনত সৰ্বস্ৰান্ত হৈ মানসিকভাৱে ভাগি পৰিছিল লখিমপুৰৰ জিলাৰ কিমিনৰ বুধ বজাৰত বাস কৰা লোকগৰাকী।
বাৰে-বাৰে যাব বিচাৰিছিল দিল্লীত কৰ্মৰত কন্যাৰ ওচৰলৈ। আৰু এতিয়া দিল্লীৰ পৰা ঘূৰি আহি পিতৃৰ ফটো হাতত লৈ লখিমপুৰৰ ৰাজপথত ঘূৰিছে কন্যা স্বপ্না তামাং।