পল্লব মিলি, লখিমপুৰঃ লখিমপুৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। লখিমপুৰ মেডিকেল কলেজ হাস্পতালত সন্তানসহ এগৰাকী প্ৰসূতীৰ মৃত্যু হৈছে। এই ঘটনাৰ পাছতে লখিমপুৰ মেডিকেল কলেজ হাস্পতালত উপস্থিত হয় স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত।

জানিব পৰা মতে, হাস্পতালৰ জেনেৰেটৰত তেল নথকাৰ বাবে অস্ত্ৰোপচাৰ হোৱা নাছিল প্ৰসূতীগৰাকীৰ। যাৰ ফলত গৰ্ভস্থ সন্তানসহ মৃত্যু হয় ক‌ইনামাই পাটগিৰিৰ।

উল্লেখ্য যে, যোৱা ৩১ মে’ত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল প্ৰসূতী গৰাকীক আৰু ২ জুনত অস্ত্ৰোপচাৰ কৰাৰ দিন ধাৰ্য কৰিছিল চিকিৎসকে। কিন্তু সন্তানসহ প্ৰসূতী গৰাকীৰ অস্ত্ৰোপচাৰ কক্ষতে মৃত্যু হয়।

মৃত মহিলাগৰাকীৰ স্বামী প্ৰাণে পাটগিৰিয়ে ইতিমধ্যে লখিমপুৰ সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। সমগ্ৰ বিষয়টোৰ ওপৰত তদন্ত কৰিবলৈ পুৱাই লখিমপুৰ মেডিকেল কলেজ হাস্পতালত উপস্থিত হয় স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত।

স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত আৰু সাংসদ প্ৰদান বৰুৱাৰ জিলা উপায়ুক্ত আৰু লখিমপুৰ মেডিকেল কলেজ হাস্পতাল কৰ্তৃপক্ষৰে বৈঠকত মিলিত হয়। এই ঘটনাক লৈ তিনি তৰপীয়া তদন্ত হোৱাৰ হোৱাৰ সম্ভাৱনা আছে।

প্ৰথমে সেই সময়ত অস্ত্ৰোপচাৰৰ দায়িত্বত থকা চিকিৎসক ত্ৰিনয়ন মিলিৰ গাফিলতি আছিল নেকি ? জেনেৰেটৰত কিয় তেল নাছিল, হাস্পতাল কৰ্তৃপক্ষৰ হেমাহি ক’ত ? তেল যোগান ধৰা তেল ডিপুৱে কিয় তেল দিয়া নাছিল?

সমগ্ৰ ঘটনাটোৰ ওপৰত তদন্ত কৰিবলৈ ডাইৰেক্টৰ অৱ মেডিকেল এডোকেশ্বন, প্ৰসূতি বিভাগৰ মূৰব্বী, লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ এজন সহযোগী অধ্যাপক আৰু এৰ্নাষ্টেছীয়া অধ্যাপকক লৈ চাৰিজনীয়া পৰিচালনা তদন্ত সমিতি গঠন কৰা হৈছে। ৮ জুনৰ ভিতৰত হাস্পতালৰ সকলো অভাৱ অভিযোগৰ প্ৰতিবেদন দিয়াৰ নিৰ্দেশ জিলা উপায়ুক্ত আৰু চিকিৎসালয়ৰ পৰিচালনা সমিতিৰে গঠিত বিশেষজ্ঞ কমিটিক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply