নিউজ ডেস্ক – উত্তৰ লখিমপুৰৰ লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ে কালি নিশা ২৬৭ টা ৩য় বৰ্গৰ (অ-কাৰিকৰী) আৰু ৪ৰ্থ বৰ্গৰ পদৰ নিযুক্তিৰ বাবে লিখিত পৰীক্ষাৰ ফলাফল প্ৰকাশ কৰিছে। যিসকল প্ৰাৰ্থীয়ে অনলাইন আৱেদন দাখিল কৰিছিল আৰু এই পদসমূহৰ বাবে লিখিত পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেওঁলোকে লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অফিচিয়েল ৱেবছাইট www.lmchassam.org ৰ পৰা তেওঁলোকৰ ফলাফল চাব পাৰিব।
উত্তীৰ্ণ পৰীক্ষাৰ্থীসকলৰ বাবে মৌখিক পৰীক্ষা বা সাক্ষাৎকাৰ, দক্ষতা পৰীক্ষা বা স্কিল্ড টেষ্ট আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন ১৮ ছেপ্টেম্বৰ ২০২২ তাৰিখে গুৱাহাটীত অনুষ্ঠিত হ’ব। তালিকাভুক্ত প্ৰাৰ্থীসকলক পাছপোৰ্ট আকাৰৰ ফটোৰ ২ খনকৈ প্ৰতিলিপি আৰু ফটো পৰিচয় প্ৰমাণৰ সৈতে মূলতঃ লিখিত পৰীক্ষাৰ এডমিট কাৰ্ডসহ সকলো নথিপত্ৰৰ সৈতে শাৰীৰিকভাৱে উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে।
নথি পৰীক্ষণৰ তাৰিখ : ১৮ ছেপ্তেম্বৰ, ২০২২
সময় : পুৱা ১০ বজাৰ পৰা
স্থান : Office of the Drector of Medical Education, Assam, Sixmile, Khanapara, Guwahati-781022
কেনেকৈ পৰীক্ষা কৰিব Lakhimpur Medical Collegeৰ ফলাফল?
১৩ মাৰ্চ ২০২২ তাৰিখে লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ গ্ৰেড-৩ আৰু গ্ৰেড-৪ পদৰ বাবে অনুষ্ঠিত লিখিত পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে তেওঁলোকৰ ফলাফল পৰীক্ষা কৰিব পাৰিব তলত দিয়া লিংকত। প্ৰাৰ্থীসকলে তেওঁলোকৰ ফলাফল পৰীক্ষা কৰিবলৈ তলত উল্লেখ কৰা Step বোৰ অনুসৰণ কৰিব পাৰে –
৪ৰ্থ বৰ্গৰ ফলাফল | ইয়াত ক্লিক কৰক |
৩য় বৰ্গৰ ফলাফল | ইয়াত ক্লিক কৰক |
ফলাফলৰ জাননী | ইয়াত ক্লিক কৰক |
বিজ্ঞাপনৰ সবিশেষ (৪ৰ্থ বৰ্গ) | ইয়াত ক্লিক কৰক |
বিজ্ঞাপনৰ সবিশেষ (৩য় বৰ্গ) | ইয়াত ক্লিক কৰক |
অফিচিয়েল ৱেবছাইট | ইয়াত ক্লিক কৰক |