পল্লব মিলি, লখিমপুৰঃ মুছলমান লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ উদযাপনৰ মাজতে ৰাজ্যত সংঘটিত হৈছে আন এক জঘন্য কাণ্ড। ঈদ খাবলৈ যোৱা এগৰাকী ৯ বছৰীয়া নাবালিকা বলি হ’ল ৫৫ বছৰীয়া এটা লম্পট বৃদ্ধৰ কামনাৰ। এই ঘটনা সংঘটিত হৈছে লখিমপুৰত।
এই সন্দৰ্ভত সংস্থা “ৱাৰিয়ৰ্ছ”য়ে এজাহাৰ দাখিল কৰিছে বগীনদী আৰক্ষী থানাত। জানিব পৰা মতে, ধর্ষণকাৰীটোৰ নাম মহম্মদ চকৰত আলী। লখিমপুৰ জিলাৰ বগীনদী থানাৰ অন্তৰ্গত কাকৈ ৰাজগড় জালুৱাবস্তিত সভ্য সমাজক লজ্জিত কৰা এই ঘটনা সংঘটিত হৈছে।
চকৰতে ঈদ খাবলৈ যোৱা ৯ বছৰীয়া নাবালিকাক প্ৰশ্ৰাৱগাৰত আৱদ্ধ কৰি এই জঘন্য ঘটনা সংঘটিত কৰে। ইতিমধ্যে এই ঘটনাত হাতে-লোটে ধৰা পৰি লম্পটটোৱে স্বীকাৰ কৰিছে এই অপকৰ্ম সংঘটিত কৰাৰ কথা। ৰাইজে লম্পটটোক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদানৰ বাবে দাবী জনাইছে।