লখিমপুৰঃ অৰুণাচলৰ দুই মুখৰ বৰপানী নৈত পৰি সন্ধানহীন অসমৰ যুৱক।
সন্ধানহীন লোকজন লখিমপুৰ জিলাৰ লালুকৰ ২নং ধৰ্মপুৰৰ নুৰুল আমিন বুলি জানিব পৰা গৈছে।
নদী পাৰ হ’বলৈ লওঁতেই নৈৰ প্ৰবাল সোঁতে উটুৱাই নিয়ে যুৱকজনক।
যোৱা ৩১ জুলাইত এই ঘটনা সংঘটিত হৈছিল যদিও ১আগষ্টতহে পোহৰলৈ আহিছে।
লোকজনৰ সন্ধানত নদীত এছডিআৰএফে অভিযান চলাই আছে যদিও এতিয়াও কোনো শুংসূত্ৰ উলিয়াব পৰা নাই।
অৰুণাচল প্ৰদেশত শ্ৰমিক হিচাপে কৰ্মৰত আছিল লোকজন।