পল্লৱ মিলি,লখিমপুৰঃ লখিমপুৰত অঘটন। ৰঙানদীৰ বাঢ়নী পানীত উটি গ’ল দুজন ১১ বছৰীয়া শিশু। ইয়াৰে এজনক জীৱন্তে উদ্ধাৰ হৈছে। সাম্প্রতিক তেওঁ চিকিৎসাধীন হৈ আছে।
আচিক কুমাৰ নামৰ আনজন শিশুৰ কোনো সন্ধান লাভ কৰা নাই। আচিক কুমাৰৰ সন্ধানত SDRF বাহিনীয়ে উদ্ধাৰ অভিযান চলাই আছে। ৰঙানদীত গা ধুই থাকোতেই উটি যায় শিশুজন। সন্ধানহীন আচিক কুমাৰৰ ঘৰ লখিমপুৰৰ শান্তিপাৰাত।