লখিমপুৰ : পূজাৰ বতৰত লখিমপুৰৰ বাবে বহু ভাল খবৰ দিলে বিধায়ক মানৱ ডেকাই। আছুটীয়া সাক্ষাৎত লখিমপুৰৰ বিধায়ক গৰাকীয়ে শ শ কোটি টকাৰে বহু বৃহৎ কৰ্ম আঁচনিৰ তথ্য প্ৰকাশ কৰে। ঘুনাসূতিৰ দলঙৰ কাম নতুন বছৰতে আৰম্ভ কৰাৰ সমানে হ’ব লুইত খাবলুৰ দলং। পশ্চিম তেলাহীৰ দলঙৰ কামো তড়িৎ গতিৰে আগুৱাই নিয়া হৈছে।
এই মাহৰ পৰা ২৫ লাখ কৈ টকাৰে নিৰ্মাণ কৰা হ’ব ১৬ টা আংনবাদী কেন্দ্র। লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় ৩ কোটি ৫০ লাখ টকাৰে উন্নয়ন কৰাৰ উপৰিও ২৫ খন হাই স্কুলক ৫০ লাখ কৈ টকাৰে উন্নয়ন কৰা হ’ব বুলি প্ৰকাশ কৰে বিধায়ক গৰাকীয়ে।
দহ কোটি টকাৰে দলংসহ জহিং কয়লা মাৰী পথ নিৰ্মাণৰ প্ৰস্তুতি চলি থকাৰ লগতে ২৫ কোটি টকাৰে লখিমপুৰত আইএচবিটি নিৰ্মাণৰো প্ৰস্তুতি কৰা হৈছে বুলি জানিবলৈ দিয়ে। দলং বাদ দি দুশ কোটিৰে সম্প্ৰতি লখিমপুৰ সমষ্টিৰ উন্নয়নৰ কাম চলাৰ উপৰি অহা বছৰ ইন্ট্ৰিগেটেট ডি চি অফিচ নিৰ্মাণ কৰা হ’ব বুলি কয় বিধায়ক মানৱ ডেকাই।
লগতে পঢ়ক : বনৰীয়া হাতীৰ উপদ্ৰৱত অতিষ্ঠ খেৰনিবাসী, বন বিভাগৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি
ইতিমধ্যে লখিমপুৰ মেডিকেল কলেজৰ স্বীকৃতিয়ে স্বাস্থ্য সেৱাৰ ক্ষেত্রত লখিমপুৰে বিশ্বৰ মানচিত্রত ঠাই পোৱা বুলি সন্তষ্টি ব্যক্ত কৰি বিধায়ক মানৱ ডেকাই কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনৰ দিনত লখিমপুৰক কেৱল ভাল খবৰে জুৰুলি জুপুৰি কৰি ৰাখিব।