সোণাৰি : অহা ৩০ অক্টোবৰত ৰাজ্যৰ ৫ টাকৈ সমষ্টিত অনুষ্ঠিত হব উপ-নিৰ্বাচন। ইতিমধ্যে উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক দল সমূহ তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে। উপ-নিৰ্বাচনকলৈ লক্ষীমপুৰৰ বিজেপি দলৰ সাংসদ প্ৰদান বৰুৱাই ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈক আক্ৰমণ চলাই কয় যে অখিল গগৈহঁতৰ কোনো পৰিকল্পনা নাই। উপ-নিৰ্বাচনত বিজেপিৰ জয় নিশ্চিত।
ৰাজ্যৰ আগন্তুক উপ-নিৰ্বাচনত বিজেপি তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী সকল সহজে জয়ী হ’ব। প্ৰতিটো সমষ্টিতে বিজেপিৰ দলীয় কৰ্মীসকলে কাম কৰি আছে। গতিকে উপ-নিৰ্বাচনৰ বাবে বিশেষ প্ৰস্তুতি কৰিব লগীয়া নাই। ৰাইজে উন্নয়ন বিচাৰিছে। ৰাইজক দিয়া প্ৰতিশ্ৰুতি অনুসৰি বিজেপি নেতৃত্বাধীন চৰকাৰে ৰাজ্যখনৰ উন্নয়নত গুৰুত্ব প্ৰদান কৰিছে। গতিকে উপ-নিৰ্বাচনত ৰাইজ বিজেপি তথা মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ পক্ষত থাকিব। সোণাৰিত এনেদৰে কয় লক্ষীমপুৰৰ সাংসদ প্ৰদান বৰুৱাই।
চৰাইদেউ জিলা বিজেপিৰ উদ্যোগত অনুষ্ঠিত এক দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাংসদ প্ৰদান বৰুৱাই লগতে কয় মাজুলী উপ-নিৰ্বাচন সন্দৰ্ভতো অতি সোনকালে নিৰ্বাচন আয়োগে সিদ্ধান্ত গ্ৰহণ কৰিব। মাজুলীতো নিশ্চিতভাৱে বিজেপিয়ে জয় লাভ কৰিবলৈ সক্ষম হ’ব। ইফালে অখিল গগৈহঁত পৰিকল্পনাবিহীন বুলি কটাক্ষ কৰি সাংসদ প্ৰদান বৰুৱাই কয় অখিল গগৈ হতে গাঁৱত এটা কথা কৈ ডিচি অফিচত আন এটা কাৰ্য কৰে। গাঁৱৰ সহজ সৰল মানুহখিনিক মাটিৰ পট্টা তথা আন আন চৰকাৰী সুবিধা সমূহৰ সন্দৰ্ভত আলোচনা কৰিবলৈ ডিচি অফিচলৈ মাতি আনি নদীবান্ধ নাইবা আন বিষয়ত আন্দোলন কৰিবলৈ নমাই দিয়ে। সেয়েহে অখিল গগৈহতৰ প্ৰতি এতিয়া ৰাইজৰ আস্থা নোহোৱা হৈছে।
আনহাতে চৰকাৰে বেদখলমুক্ত কৰিব বুলি কোৱাৰ লগতে অসমৰ ইতিহাস চৰ-চাপৰি ফালৰ ঘুণে ধৰিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সাংসদ প্ৰদান বৰুৱাই। আগৰ কোনো এখন চৰকাৰে চৰ-চাপৰি অঞ্চলত মনোনিবেশ কৰি নাছিল। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছত ৰাজ্যৰ প্ৰতিটো চুকে কোনে নজৰ দিছে আৰু চৰকাৰে প্ৰতিটো স্থানকে সুৰক্ষিত কৰিবলৈ বদ্ধপৰিকৰ বুলি মন্তব্য কৰে সাংসদ গৰাকীয়ে। উল্লেখ্য যে সোণাৰিত চৰাইদেউ জিলা বিজেপিৰ উদ্যোগত অনুষ্ঠিত নাগৰিক সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা মত বিনিময়ৰ সময়ত এই মন্তব্য কৰে সাংসদ প্ৰদান বৰুৱাই। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিন উপলক্ষে অব্যাহত থকা বিছ দিনীয়া সেৱা আৰু সমৰ্পন অভিযানৰ অংশ হিচাপে সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত পাঁচ শতাধিক লোকৰ সমাবেশেৰে চৰাইদেউ জিলা বিজেপিৰ উদ্যোগত অনুষ্ঠিত হয় নাগৰিক সভা।
লগতে পঢ়ক : পূজাৰ পিছত বিদ্যালয় মুকলি কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ
চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষ্মীনাথ তাছাই আদৰণি ভাষণ প্ৰদান কৰা নাগৰিক সভাখনত সাংসদ প্ৰদান বৰুৱাই নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে। সভাখনত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈৰ লগতে মন্ত্ৰী যোগেন মহন, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে সেৱা আৰু সমৰ্পন অভিযান সন্দৰ্ভত ভাষণ প্ৰদান কৰা লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশত সম্ভৱ হোৱা উন্নয়ন মূলক কাৰ্যসমূহৰ আলোকপাত কৰে।অনুষ্ঠিত হোৱা নাগৰিক সভাখনত নাহৰকটীয়াৰ বিধায়ক তথা চৰাইদেউ জিলা বিজেপিৰ প্ৰভাৰী তৰংগ গগৈ, প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈৰ লগতে বিজেপিৰ বহু কেইগৰাকী শীৰ্ষ নেতা উপস্থিত থাকে।