পল্লব মিলি, লখিমপুৰঃ লখিমপুৰ জিলাৰ মৈদমীয়াত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ডৰ মূল হত্যাকাৰীক আটক কৰিছে আৰক্ষীয়ে। লুডু খেলাক লৈ সংঘটিত হৈছিল এই লোমহৰ্ষক হত্যাকাণ্ড।

উল্লেখ্য যে, যোৱা ১৫ মে’ অৰ্থাৎ দেওবাৰে মৈদমীয়াত এখন বিয়া ঘৰত চুৰিৰে হানি-খুচি হত্যা কৰিছিল ইচাদ আলী নামৰ যুৱকক জনক। এই ঘটনাৰ মূল অভিযুক্তজনক আফজত আলী বুলি চিনাক্ত কৰা হৈছে।

অৱশেষত আজি আৰক্ষীৰ জালত পৰিল মূল হত্যাকাৰী আফজত আলী। আফজত আলীয়ে ইচাদ আলীক হত্যা কৰি পলায়ন কৰি আছিল। আৰু আজি লখিমপুৰ আৰক্ষীয়ে তদন্ত কৰি নাওবৈছাৰ এখন গাঁৱত আটক কৰে আফজত আলীক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply