লখিমপুৰ: ম’বাইল ফোন কেন্দ্ৰিক পিতৃ-মাতৃৰ যুঁজবাগৰৰ মাজত নিজৰেই তিনিবছৰীয়া সন্তানক হত্যা কৰিলে পিতৃ মাতৃয়ে। ঘটনা সংঘটিত হয় লখিমপুৰ জিলাৰ চাউলধোৱাত ।
ঘটনাৰ বিবৰনি মতে, লখিমপুৰ জিলাৰ চাউলধোৱা আৰক্ষী চকীৰ অধীনৰ উত্তৰ ৰূপহীত সংঘটিত হয় এক মানৱতাক ভূলুণ্ঠিত কৰা নৃশংস ঘটনা ।
ক্ৰোধাম্বিত হৈ জন্মদাতা পিতৃ-মাতৃয়ে মৰিয়াই হত্যা কৰে নিজৰ তিনিবছৰীয়া পুত্ৰ সন্তানক।
উত্তৰ ৰূপহীৰ নিবাসী বাবুল শইকীয়া আৰু পুতলী শইকীয়া নামৰ দম্পত্তীৰ মাজত নিজ গৃহত ম’বাইল ফোন কেন্দ্ৰীক তীব্ৰ বাক বিতণ্ডাৰ সৃষ্টি হয় ।
ইয়াৰ পিছত দম্পত্তীৰ কোঠাত সংঘটিত হোৱা কাজিয়াৰ ফলত পিতৃ-মাতৃৰ লগতে থকা তিনিবছৰীয়া পুত্ৰ সন্তান অভিজিত শইকীয়া পিতৃয়ে মাকক মাৰিবলে যাওতে কনমানী পুত্ৰৰ মুৰত আঘাতপ্ৰাপ্ত হয় । এই বৰ্বৰ কাণ্ডত মুখ্য ভূমিকা পিতৃয়ে গ্ৰহণ কৰে বুলি স্বীকাৰ কৰিছে দুয়োৱে।
লগতে পঢ়ক-সোণাৰিত আৰম্ভ হ’ল ‘কা’ বিৰোধী প্ৰতিবাদ
চাউলধোৱা আৰক্ষীয়ে নৃশংস ঘটনা সংঘটিত কৰা দম্পত্তীক আটক কৰাৰ লগতে শিশুটিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ।