লখিমপুৰৰ লীলাবাৰীত সংঘটিত হয় শিহৰণকাৰী ঘটনা ।পত্নীক শিৰচ্ছেদ কৰিলে স্বামীয়ে । পিছত
পত্নীৰ কটা মূৰ লৈ আৰক্ষী থানাত আত্মসমৰ্পণ স্বামীৰ । মৃত মহিলাগৰাকীৰ নাম ফৈজুলা বেগম (২৮)। হত্যাকাৰী স্বামীৰ নাম মইনুল আলী (৩৫)।


লীলাবাৰীৰ কাঁচিপথাৰত সংঘটিত হয় এই শিহৰণকাৰী ঘটনা। পতি পত্নীৰ মাজত চলা কাজিয়াৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি পৰিয়ালৰ সুত্ৰই জানিবলৈ দিয়ে।


পাৰিবাৰিক কন্দলৰ বাবেই স্বামীয়ে এনে ভয়ংকৰ কাণ্ড সংঘটিত কৰাৰ সন্দেহ আৰক্ষীৰো। সম্প্ৰতি আৰক্ষীৰ জিম্মাত হত্যাকাৰী মইনুল আলী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply