পল্লব মিলি, লখিমপুৰঃ লখিমপুৰত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। জিলাখনৰ মৈদমীয়াত লুডু খেলাক কেন্দ্ৰ কৰি সংঘটিত হৈছে এই হত্যাকাণ্ড। ইছাদ আলী নামৰ এজন ২০ বছৰীয়া যুৱকক চুৰিৰে হানি খুচি হত্যা কৰা হৈছে।
দৰাচলতে, এখন বিয়া ঘৰত লুডু খেলি থকা সময়তে প্ৰথমে কাজিয়া আৰম্ভ হয়। এই কাজিয়া ইমানে ভয়ংকৰ ৰূপ লয় যে, অৱশেষত ইছাদ আলীৰ পিঠি, বুকু আৰু মুখত চুৰিৰে আঘাত কৰে আফজত আলী নামৰ অভিযুক্তজনে।
এই ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ লোক। ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰা হৈছে। এই এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।