লখিমপুৰ: লখিমপুৰত স্বামী গৃহত এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি উত্তাল হয় লখিমপুৰ সদৰ থানাৰ চৌহদ।
লখিমপুৰ বৰমূৰিয়া তিনি আলিৰ ক্ষিপ্ৰদীপ গগৈ (কনচেং)ৰ লগত যোৱা ডিচেম্বৰ মাহত যুগ্ম জীৱনৰ পাতনি মেলিছিল আহুচাউল গাৱৰ নৱনিতা শৰ্মা (মুনুকী)য়ে।
কিন্তু বিয়াৰ পিছৰে পৰা নৱনিতাক অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ উঠে স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে।
অভিযোগ আনিছে মৃত নৱনিতাৰ পৰিয়ালে। নৱনিতাৰ ঘৰলৈ পুৱা প্ৰথম খবৰ আহিল নৱনিতাই আত্মহত্যা কৰা বুলি।
খবৰ পোৱা মাত্ৰকে পৰিয়ালৰ লোক গৈ উপষ্ঠিত হয় নৱনিতা স্বামী ঘৰত ।
নৱনিতা পৰিয়ালৰ লোকৰ সন্দেহ এইয়া স্বামী পৰিয়ালে পৰিকল্পিত ভাবে হত্যা কৰিছে নৱনীতাক । স্বামী পৰিয়ালৰ আটাইকেইজনৰ ওপৰত লখিমপুৰ সদৰ থানত এজাহাৰ দাখিল কৰিছে যদিও লখিমপুৰ আৰক্ষীয়ে মৃত মহিলাৰ স্বামীৰ লগতে পৰিয়ালটোৰ এজনকো আটক কৰিবলৈ সক্ষম হোৱা নাই ।
অভিযুক্ত স্বামী ক্ষিপ্ৰদিপ গগৈ ওৰফে কনচেংক আটক কৰি উপযুক্ত শাস্তি প্ৰদানৰ দাবীত সদৰ থানাৰ সন্মুখত জাগৃত নাৰী শক্তিয়ে প্ৰতিবাদ সাব্যস্ত কৰে। আৰক্ষীয়ে প্ৰতিবাদী ৰাইজক অভিযুক্তক ধৰাৰ আশ্ৰাস দিয়ে।