লখিমপুৰঃ লখিমপুৰ জিলাৰ পানীগাওঁ থানাৰ অন্তগৰ্ত বৰডুবি চানোং গাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড।
স্বামীয়ে হত্যা কৰিলে পত্নীক।

হত্যাকাৰী স্বামী যদু ভৰালীয়ে নিজেই স্বীকাৰ কৰিছে হত্যাৰ বিষয়ে।
যদু ভৰালীয়ে চাৰি দিনৰ পূৰ্বেই মৰিয়াই মৰিয়াই হত্যা কৰি পানীত পেলাই দিছিল পত্নী চিত্ৰলেখা দাস ভৰালীক।
চিত্ৰলেখা ঘৰৰ পৰা পলাই যোৱা বুলি ৰাইজক জনাইছিল শাহুৱেক আৰু হত্যাকাৰী স্বামীয়ে।

লগতে পঢ়কঃউত্তৰ-প্ৰদেশত ঘৰলৈ আহি থকাৰ পথত ১৪ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ

বৃহস্পতিবাৰে পুৱা এখন বিদ্যালয়ৰ কাষৰ বেতনিত দুৰ্গন্ধৰ সৃষ্টি হোৱাত অনুসন্ধান কৰি গাঁৱৰ ৰাইজে উদ্ধাৰ কৰে মহিলাগৰাকীৰ মৃতদেহ।

স্থানীয়লোকে জনোৱা অনুসৰি যদু ভৰালীয়ে প্ৰায়েই সুৰাপান কৰি শাৰীৰিক ভাবে অত্যাচাৰ কৰিছিল পত্নীক।

মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত গাঁৱৰ ৰাইজে হত্যাকাৰী যদুক কৰায়ত্ব কৰি উত্তম মাধ্যম দি পানীগাওঁ থানাত চমজায় দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply