পল্লব মিলি, লখিমপুৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া বানে চলাইছে তাণ্ডৱ। লখিমপুৰতো এতিয়া বানে ধাৰণ কৰিছে সংহাৰী ৰূপ। জিলাখনৰ নাওবৈচাত জুব গৈছে বহু লোকৰ বাসগৃহ।
পাভ নৈ, শিঙৰা নৈ, গাভৰু নৈৰ বাঢ়নি পানীত এতিয়া ডুব গৈছে প্ৰায় ৫ শতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ। বানত হাঁহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে বন্যাৰ্তৰ মাজত। জানিব পৰা মতে, আজি মাজনিশাৰ পৰা নৈৰ পানী সোমাই অহাৰ ফলত হাহাঁকাৰ সৃষ্টি হৈছে অঞ্চলবাসীৰ মাজত।
ইফালে, বৰ্তমানলৈ বানৰ কৱলত পৰা পৰিয়ালৰ ওচৰত বুজ ল’বলৈ অহা নাই নাওবৈচাৰ স্থানীয় বিধায়ক ভৰত নৰহ। বিধায়ক ভৰত নৰহক অতি সোনকালে বানস্থলী পৰিদৰ্শন কৰি সাহায্য প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে স্থানীয় ৰাইজে।