পল্লব মিলি, লখিমপুৰঃ লখিমপুৰৰ লীলাবাৰী বিমান বন্দৰৰ পৰা কেইবাখনো নতুন বিমান সেৱা মুকলি কৰা হৈছে। দিল্লীৰ পৰা ভাৰ্চুৱেলী এই সেৱা উদ্বোধন কৰে কেন্দ্রীয় অসামৰিক বিমান পৰিবহন দপ্তৰৰ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই।
এই উপলক্ষে লীলাবাৰী বিমান বন্দৰত উপস্থিত থাকে সাংসদ প্ৰদান বৰুৱা, বিধায়ক মানৱ ডেকা সহ কেইবাজনো বিশিষ্ট ব্যক্তি। কেক কাটি সাংসদ-বিধায়ক সকলে এই নতুন বিমান সেৱাৰ শুভাৰম্ভ কৰে।
উল্লেখ্য যে, লখিমপুৰৰ লীলাবাৰী বিমান বন্দৰৰ পৰা দেওবাৰৰ পৰা এলায়েন্স এয়াৰৰ তিনিখন বিমানৰ নতুন উৰণ আৰম্ভ হৈছে। এখন বিমান সপ্তাহত পাঁচ দিনকৈ ইম্ফল আৰু আইজললৈ অহা-যোৱা কৰিব।
ইফালে, আন এখন বিমান সপ্তাহত দুদিন কৈ লীলাবাৰী-জিৰ’ৰ মাজত চলাচল কৰিব। আৰু বেলেগ এখন বিমান সপ্তাহত চাৰিদিনকৈ চলিব লীলাবাৰী-শ্বিলঙৰ মাজত।
ইয়াৰ পূর্বে এলায়েন্স এয়াৰৰ এখন বিমান নিতৌ লীলাবাৰী-কলকতাৰ মাজত চলাচল কৰিছিল। দেওবাৰৰ পৰা আৰম্ভ হোৱা নতুন বিমান কেইখনে দ্ৰুত আকাশী পৰিবহন ব্যবস্থাত আমুল পৰিৱৰ্তন সাধন কৰিব বুলি লখিমপুৰীয়া ৰাইজে আনন্দ প্ৰকাশ কৰিছে।