লখিমপুৰঃ মৃত্যুদূতলৈ পৰিণত হৈছে লখিমপুৰ জিলাৰ কদম ৰাজহচক্ৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ। এই পথটোৰে নিতৌ হাজাৰ হাজাৰ যান-বাহন মৰণত শৰণ দি যাতায়ত কৰিবলগীয়া হৈছে। ঘাইপথ সূচল কৰাৰ ক্ষেত্ৰত অসম চৰকাৰৰ কোনো গুৰুত্ব নাই। পথ মেৰামতিৰ বাবে ধন আবন্টন হ’লেও দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে।
আনকি মেৰামতি কৰিলেও কিছুদিনৰ পিছতে পথটো পুনৰ জৰাজীৰ্ণ হৈ পৰে। এজাক বৰষুণতে পুখুৰী সদৃশ হৈ পৰে এই পথটি। বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে পথটোত প্ৰায়েই সংঘটিত হৈ আহিছে দুৰ্ঘটনা। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ স্থানীয় ৰাইজৰ।
শীৰ্ঘ্ৰেই এই পথটো মেৰামতি কৰিবলৈ স্থানীয় ৰাইজে চৰকাৰক আহ্বান জনাইছে।