লখিমপুৰঃ ”মুখ্যমন্ত্ৰী হিমন্ত মামা, মোৰ মানুহ গৰাকীক সহায় কৰক, নহ’লে মই উপায়হীন। গৰু-ছাগলী, মাটিকনো বেছি মই সৰ্বশ্ৰান্ত, হাতত এটকাও নাই মানুহজনীৰ চিকিৎসা কৰিবলৈ।” চকুপানীৰ মাজেৰে এই কৰুণ আহ্বান লখিমপুৰ জিলাৰ চাউলধোৱা মিলিজুলিৰ এগৰাকী দুৰ্ভগীয়া স্বামীৰ। পত্নী প্ৰণতি বৰদলৈ আক্ৰান্ত মাৰাত্মক ব্ৰেইন টিউমাৰ ৰোগত। অতি দৰিদ্ৰ স্বামী মাধৱ বৰদলৈয়ে ২০১৯ চনৰ পৰাই চিকিৎসা কৰি সৰ্বশ্ৰান্ত হৈছে। তেওঁলোকৰ দুটি সন্তানো আছে।
লগতে পঢ়কঃখহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰিলে আমিনুল ইছলাম
বৰ্তমান প্ৰণতি বৰদলৈৰ অৱস্থা অতি সংকটজনক হৈ পৰিছে। উপায়হীন হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পত্নীৰ চিকিৎসাৰ বাবে কাতৰ আহ্বান কৰিছে পৰিয়ালটোৱে। লগতে কোনো হৃদয়বান লোকে সহায়ৰ হাত আগবঢ়াব বিচাৰিলে SBI – 37472557947, IFSC code– SBIN0000145 আৰু Google pay – 9363523508 যোগেও আৰ্থিক সাহাৰ্য আগবঢ়াব পাৰিব। ফোনযোগে ৭০৮৬৮৬৬০৪৬ নম্বৰত যোগাযোগ কৰিব পাৰিব।