YouTube video

লখিমপুৰ: মহামাৰী কৰোনা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি লখিমপুৰতো যোৱা ৭ জুলাইৰ পৰা অব্যাহত আছে সম্পূর্ণ কন্টেইনমেন্ট জ’ন ।

এনে পৰিপ্ৰেক্ষিতত লখিমপুৰৰ বগীনদী তাৰিয়নীৰ দুই শতাধিক পৰিয়াললৈ নামি আহিছে ঘোৰ অমানিশা।

তাৰিয়নীৰ বৃহত্তৰ অঞ্চলৰ লোকসকলৰ একমাত্ৰ উপাৰ্জনৰ উৎস আনাৰসৰ খেতি। এই আনাৰসৰ খেতি কৰিয়েই পৰিয়াল পোহপাল দিয়ে গাঁৱখনৰ লোকে। প্ৰতিটো পৰিয়ালৰে আছে ১০-১২ বিঘাকৈ আনাৰসৰ খেতি ।

আৰু পঢ়ক: অৰ্থৰ অভাৱত চিকিৎসাৰ পৰা বঞ্চিত দুই বৃদ্ধাই বিচাৰিছে আৰ্থিক সহায়

এই আনাৰস বিক্ৰী হয় লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচললৈয়ো। উত্তৰ অসমৰ ভিতৰত লখিমপুৰ তাৰিয়নীৰ আনাৰসৰ আছে সুকীয়া বৈশিষ্ট্য ।

কিন্তু বৰ্তমানৰ লকডাউনৰ বাবে যানবাহন সমূহ বন্ধ হৈ পৰাত খেতিতে দৈনিক গেলিবলৈ ধৰিছে সহস্ৰাধিক আনাৰস ।

যাৰ ফলত খেতিয়কৰ একমাত্ৰ উপাৰ্জনৰ পথেই স্তব্ধ হৈ পৰাত মূৰে-কপালে হাত দিয়াৰ উপক্ৰম ঘটিছে ।
উপায়হীন খেতিয়কে সহায়ৰ বাবে কৃষি মন্ত্ৰীৰ লগতে চৰকাৰক কৰযোৰে আহ্বান জনাইছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply