লখিমপুৰ : এইবাৰ লখিমপুৰৰ বগীনদীত আৰক্ষীৰ এনকাউন্টাৰ। এজন ডকাইতক লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা। আৰক্ষীৰ গুলীত আহত ডকাইত আজাহাৰ আলী।
বগীনদীৰ কুলাবালিত আৰক্ষীয়ে আজাহাৰ আলী নামৰ ডকাইতজনক গ্ৰেপ্তাৰ কৰাৰ পিছত আজাহাৰ আলী আৰক্ষীৰ কবলৰ পৰা পলাবলৈ চেষ্টা চলায়। পলাবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে গুলীয়াই আঘাতপ্ৰাপ্ত কৰে ডকাইত আজাহাৰ আলীক।
উল্লেখযোগ্য যে বগীনদীৰ শিঙিদলনী গাঁৱৰ কুখ্যাত ডকাইত আজাহাৰ আলীক ঢকুৱাখানা মহকুমাৰ আৰক্ষী বিষয়া সৌমাৰজ্যোতি ভূঞাৰ নেতৃত্বত বগীনদী থানাৰ আৰক্ষীৰ এটা দলে ডকাইত আজাহাৰ আলীক গ্ৰেপ্তাৰ কৰিছিল। আজাহাৰ আলীকনএটা ডকাইতিৰ গোচৰত গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে লগত লৈ অনুসন্ধান কৰি থকা সময়ত পলাবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে গুলী চালনা কৰে।
লগতে পঢ়ক : নগাঁও আৰু তেজপুৰতো নন্দিতা শইকীয়াক শ্ৰদ্ধাঞ্জলি জ্ঞাপন
আজাহাৰ আলীৰ ভৰিত তিনিটাকৈ গুলী লাগে। বৰ্তমান উন্নত চিকিৎসাৰ বাবে লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰন কৰা হৈছে আজাহাৰ আলীক।ডকাইতি আৰু এটি এম লুটৰ অপৰাধত জড়িত থকাৰ অভিযোগ আছে আজাহাৰ আলীৰ বিৰুদ্ধে।