লখিমপুৰঃ একাংশ আৰক্ষী বিষয়াৰ কৰ্ম-কাণ্ডই ব্যতিব্যস্ত কৰি তুলিছে আন একাংশ আৰক্ষীৰ লোকক। এইবাৰ অ’ চিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে একেখন থানাতে কৰ্মৰত কনিষ্টবলে। লখিমপুৰ জিলাৰ বিহ্পুৰীয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাৰ বিৰুদ্ধে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱত সোমবাৰে সংবাদমেলত বহিল একেখন থানাতে কৰ্মৰত কনিষ্টবল প্ৰেমধৰ নৰহ।
প্ৰেমধৰ নৰহৰ অভিযোগ কৰিছে যে- সামান্য এটা কথাতে তেওঁক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিছে ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰা আৰু গাড়ী চালক সীমান্ত বৰাই। যোৱা ১৮ এপ্ৰিলৰ দিনা সংঘটিত হ’ল এই ঘটনা। এনেদৰে প্ৰহাৰ কৰাৰ পাছত ডিঙি আৰু মুখত আঘাত পোৱা বুলি জনায় কনিষ্টবল গৰাকীয়ে।
ঘটনা সংঘটিত হোৱাৰ পিছদিনাই আৰক্ষী অধীক্ষকক কনিষ্টবলগৰাকীয়ে লিখিতভাবে সমগ্ৰ ঘটনা অৱগত কৰিছে যদিও এই পৰ্য্যন্ত আৰক্ষী অধীক্ষকে দিয়া নাই কোনো গুৰুত্ব। অসহায় কনিষ্টবল গৰাকীয়ে সেয়ে সংবাদমেল সম্বোধন কৰি সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসম আৰক্ষী সঞ্চালক প্ৰধান গৰাকীক সহায় ভিক্ষা কৰে। সংবাদমেলত জনোৱা মতে প্ৰেমধৰ নৰহে ভয় আৰু শংকাৰ মাজেৰে আজিও সেইখন থানাত কাম কৰি আছে বুলি কয়।