পল্লব মিলি, লখিমপুৰঃ ৰাজ্যত গঢ়ি উঠিছে মাৰাত্মক ড্ৰাগছৰ বেহা। নগাঁৱত ঘাটি পাতি লখিমপুৰলৈ নিতৌ সৰবৰাহ হয় ড্ৰাগছ। ৰাজ্যৰ শিশু-কিশোৰক এই বৰবিহ ড্ৰাগছ সৰবৰাহৰ কামত ব্যৱহাৰ কৰা বিষয়টো সন্দৰ্ভতে আজি লখিমপুৰ সদৰ থানাত আৰক্ষীয়ে এক সংবাদমেল সম্বোধন কৰে।
ইফালে, শনিবাৰে ড্ৰাগছসহ তিনিজনক আটক কৰা হৈছে অসম-অৰুণাচল সীমান্তৱৰ্তী বান্দৰদেৱাত। লখিমপুৰ জিলাৰ বিহপুৰীয়া আৰু বান্দৰদেৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনি সৰবৰাহকাৰীক। ৪০টা কন্টেইনাৰ সহ ৫.০৪ গ্ৰাম সন্দেহজনক নিষিদ্ধ হেৰ’ইন সহ মাজুলীৰ ৰমা গাম, বান্দৰদেৱা আৰক্ষী চকীৰ অন্তৰ্গত ২ নং পাৰ্বতীপুৰৰ মিনা বড়ী, লালুকৰ জীতেন বিশ্বাসক আটক কৰে আৰক্ষীয়ে।
বিহপুৰীয়া আৰক্ষী থানাৰ পৰিদৰ্শক উৎপল বৰা আৰু বান্দৰদেৱা আৰক্ষী চকীৰ উপ পৰিদৰ্শক নিপন গগৈৰ নেতৃত্বত চলা অভিযানত এইদৰে সন্দেহজনক হেৰ’ইন সহ তিনিওজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে শনিবাৰে। চলিত বৰ্ষত এই মূহুৰ্তলৈকে প্ৰায় ১২৫ গৰাকী ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে লখিমপুৰ আৰক্ষী।