লখিমপুৰঃ ভৰা সোৱণশিৰীৰে হাত নাৱেৰে বিপদসংকুল যাত্ৰা যন্ত্ৰণাত চটফটাই থকা প্ৰসূতিৰ।

প্ৰথমে ঘৰৰ পৰা ঘোঁৰা গাড়ী আৰু তাৰ পিছত সৰু নাৱেৰে লখিমপুৰৰ চিকিৎসালয়লৈ লৈ যাত্ৰা কৰিবলগীয়া হ’ল এগৰাকী যন্ত্ৰণাত চটফটাই থকা প্ৰসূতি।

ঘৰৰ পৰা ঘোঁৰা গাড়ীত আনি ফেৰীত উঠাওতেই বিকল হ’ল ফেৰীৰ যন্ত্ৰ। বহু সময় ধৰি নদীৰ মাজতে থকা প্ৰসূতি গৰাকীক অৱশেষত পাৰ কৰোৱা হ’ল সৰু হাত নাৱেৰে।

এই অঞ্চলৰ এইয়া কোনো নতুন ঘটনা নহয়। বছৰ জুৰি বছৰ এই অঞ্চলৰ প্ৰসূতি মহিলাকে ধৰি অন্যান্য ৰোগীক নাওৰে বিপদসংকুল ভাৱে লৈ যাব লাগে লখিমপুৰ সদৰৰ অসামৰিক চিকিৎসাললৈ। এতিয়াও কোনো উন্নয়নে চুব পৰা নাই লখিমপুৰ জিলাৰ ঘূণাসুঁতি অঞ্চল।

এই অঞ্চলৰ বাবে ঘোঁৰা গাড়ীয়েই হৈছে একমাত্ৰ সম্বল। জৰুৰীকালীন সেৱা ঘূণাসুঁতিৰ বাবে বৰ্তমান এক স্বপ্ন।

লখিমপুৰ সদৰৰ পৰা মাত্ৰ ১০ কিঃমিঃ দূৰত্বৰ ঘূণাসুঁতিৰ ৰাইজে আদিম যুগৰ লোকৰ দৰেই এতিয়াও দিন কটাবলগীয়া হৈ আহিছে।

বিত্তীয় বাজেটত উল্লেখ কৰা লখিমপুৰ ঘূণাসুঁতীৰ দলং খন নিৰ্মাণৰ সিদ্ধান্তই অঞ্চলটোৰ ৰাইজলৈ কিছু আশাৰ ৰেঙণি কঢ়িয়াই আনিছে যদিও দলং খন নিৰ্মাণৰ সিদ্ধান্ত কেতিয়া ফলপ্ৰসু হ’ব সেইয়াহে লক্ষ্য়ণীয় বিষয় ।

লগতে পঢ়কঃমুকলি বজাৰত বিক্ৰী হৈছে দৰিদ্ৰ লোকৰ বাবে আবন্টিত চাউল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply