লখিমপুৰঃ এছিয়াৰ ভিতৰতে একমাত্ৰ দুষ্প্ৰাপ্য ঔষধ চিয়া নাহৰৰ বাবে বিখ্যাত ৯,৯০০০ বৰ্গ হেক্টৰেৰে আগুৰি থকা বনাঞ্চলখনৰ জৈৱ বৈচিত্ৰ্যক তুচ্ছ জ্ঞান কৰি ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰণালয়ৰ গুৱাহাটীত অৱস্থিত ৰিজ’নেল এমপাৱাৰ্ড কমিতিয়ে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰা ২০০০ মেগাৱাট বিদ্যুৎ বিশ্বনাথ চাৰিআলিলৈ সৰবৰাহ কৰাৰ ক্ষেত্ৰত যি ভূমিকা গ্ৰহণ কৰিছে তাৰ বিৰুদ্ধে স্বেচ্ছাসেৱী সংস্থা দুলুং কনজাৰভেচন ছ’চাইটিয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

আজি বনাঞ্চলখনৰ পথালিপাম বনখণ্ডৰ কাৰ্যালয়ৰ সন্মুখত আয়োজন কৰা এক সংবাদ মেলত বন্যহস্তী, পশু-পক্ষীকে ধৰি দুৰ্লভ অৰ্কিডৰে ভৰপূৰ বনাঞ্চলখনক ৰিজ’নেল এমপাৱাৰ্ড কমিতিৰ কাৰ্যালয়ে বিলুপ্ত প্ৰায় অৱস্থালৈ ঠেলি পৰিৱেশ, অৰণ্য আৰু জলবায়ু ধ্বংস কৰা কাৰ্যক সহ্য নকৰে বুলি ছ’চাইটিয়ে সকীয়াই দিছে।

লগতে পঢ়কঃপ্ৰথম শ্ৰেণীৰ স্নাতক সোনমনিৰ পদপথত জীৱন যুঁজৰ সংগ্ৰামৰ কাহিনী

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ জৰিয়তে নামনিৰ জন – জীৱনক মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ আশংকা কৰাৰ লগতে সোৱণশিৰি, দুলুং আৰু কাকৈ সংৰক্ষিত বনাঞ্চলৰ জৈৱ বৈচিত্ৰ্যক বিপন্ন কৰিব খুজা কাৰ্যকো সংবাদ মেলৰ দ্বাৰা গৰিহণা দিয়াৰ উপৰিও গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ ভাবুকি প্ৰদান কৰিছে।

এমপাৱাৰ্ড কমিতিৰ সদস্য তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক পৰিমল চন্দ্ৰ ভট্টাচাৰ্যক অসমৰ এগৰাকী প্ৰকৃতিদ্ৰোহী বুলি আখ্যা দি উত্তৰ অসমৰ জৈৱ বৈচিত্ৰ্য বিষয়ত আপত্তিবিহীন প্ৰমাণ পত্ৰ দিয়াৰ কোনো নৈতিক অধিকাৰ নাই বুলিও তাচ্ছিল্যসূচক মন্তব্য কৰে কনজাৰভৰেচন ছচাইটিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply