পল্লৱ মিলি,লখিমপুৰঃ লখিমপুৰ জিলাৰ কদম ৰংপুৰীয়া জৰাধৰা গাঁৱত অভিনৱ প্ৰতিবাদ। পথাৰত নহয় ৰাস্তাতে ভুঁই ৰুলে কৃষকে। থৌ-থোৱানী গাঁও পঞ্চায়তৰ অধীনৰ এটা পথৰ দুৰাৱস্থা দেখিলে চকু কপালত উঠিব আপোনাৰ। এজাক বৰষুণ পৰিলে একাঠুলৈ বোকা হৈ পৰে ৰাস্তাটোত।
নিৰ্বাচনৰ সময়ত জনপ্ৰতিনিধিসকল ভোটবিচাৰি আহে আৰু নিৰ্বাচন পাৰ হৈ যোৱাৰ পিছত জনপ্ৰতিনিধিসকলৰ কোনো দেখা-দেখি নাথাকে। নিৰ্বাচনৰ সময়ত দি যোৱা প্ৰতিশ্ৰুতি আজিলৈকে ফলপ্ৰসু নহ’ল বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকসকলে।
স্কুল,কলেজ তথা কৰ্মস্থানলৈ এই কদৰ্য পথেৰেই যাব লাগে ৰাইজ। স্থানীয় ৰাইজে বগীনদী উন্নয়ন খণ্ডক বাৰম্বাৰ জনোৱাৰ পিছতো একেদৰেই থাকিল পথ। ইয়াৰ পিছত স্থানীয় বিধায়ক নৱ দলেকো ৰাইজে পথটো নিৰ্মাণ কৰিবলৈ অনুৰোধ জনাইছিল কিন্তু বিধায়কগৰাকীয়ে তিলমানো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। উপায়ন্তৰহৈ ভুক্তভোগী ৰাইজে পথতে ভুঁই ৰুই এই অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে।