পল্লৱ মিলি,লখিমপুৰঃ উত্তৰ লখিমপুৰ পৌৰসভাৰ বিৰুদ্ধে মঙলবাৰে উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্র সন্থাই মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে। পৌৰসভাৰ সন্মুখতে ছাত্র সন্থাই মানৱ শৃংখল কৰি উত্তাল পৰিৱেশ সৃষ্টি কৰে।
পৌৰসভাই ঠিকাদাৰ প্ৰীতি বন্ধ কৰক, পৌৰসভা হায় হায়, পৌৰসভাৰ কাম নাই, পৌৰসভা এলেকাৰ সমস্যা সমূহ সমাধান কৰক আদি শ্লোগানেৰে উত্তাল পৰিৱেশ সৃষ্টি কৰে। মানৱ শৃংখলৰ জৰিয়তে ছাত্র সন্থাই পৌৰসভা এলেকাৰ নলা-নৰ্দমা সমূহ আহল-বহল কৰা, নিষ্কাষন কৰা, নগৰত ষ্ট্ৰীট লাইট সমূহ স্থাপন কৰা, পৰ্যাপ্ত ডাষ্টবিনৰ ব্যৱস্থা কৰা, সোমদিৰি আৰু গৰিয়াজানৰ বে-দখল উচ্ছেদ কৰাৰ দাবী জনায়।
পৌৰসভাই অনাগত সময়ত সঠিক ব্যৱস্থা গ্রহণ নকৰিলে ছাত্র সন্থাই কঠোৰ আন্দোলনৰ কাৰ্য্যসূচী গ্রহণ কৰিব বুলি সকীয়াই দিয়ে। দাবী সমূহ পূৰণৰ বাবে ছাত্র সন্থাই পৌৰসভাৰ বিষয়-ববীয়াক এখন স্মাৰক পত্ৰ প্ৰদান কৰে৷