লখিমপুৰঃ শিশু হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত লখিমপুৰত ৰাষ্ট্ৰীয় বজৰংগ দলৰ প্ৰতিবাদ।

প্ৰতিবাদকাৰীসকলৰ অভিযোগ মতে যোৱা ১৭ নৱেম্বৰত লখিমপুৰৰ চৌধুৰী নাৰ্চিং হ’মত জন্ম হোৱা এটা শিশুক হত্যা কৰাৰ উদ্দেশ্য় ঔষধ দি নাৰ্ছিংহোমৰ ডাষ্টবিনত পেলাই ৰখা হৈছিল।

কিন্তু শিশুটোক পেলাই ৰখাৰ পাছটো মৃত্যু নোহোৱাত এহাল দম্পতীক নীতি বৰ্হিভূত ভাৱে গতাই দিয়া হয়। পিছে দম্পতী হালে শিশুটো নিয়ে যদিও শিশুটোৰ অৱস্থা বেয়া দেখি পুনৰ নাৰ্চিং হোম’ত ঘূৰাই দি যায়। তাৰ কিছু সময় পাছতে শিশুটোৰ মৃত্যু হয়।

লগতে পঢ়কঃমানুহ আকৌ ‘কা’ বিৰোধী আন্দোলনলৈ ওলাই আহিব : লুৰীণজ্যোতি গগৈ

এই সন্দৰ্ভত বজৰংগ দলৰ তৰফৰ পৰা সদৰ থানাত এজাহাৰ দাখিল কৰা হয় যদিও আৰক্ষীয়ে শিশুটোৰ পিতৃ-মাতৃক গ্ৰেপ্তাৰ কৰাৰ বাহিৰে নাৰ্চিং হ’মৰ স্বত্বাধিকাৰী অথবা নাৰ্চৰ বিৰুদ্ধে এই পৰ্যন্ত একো ব্যৱস্থা গ্ৰহণ কৰা নাই।

ইয়াৰ প্ৰতিবাদত বজৰংগ দলে সদৰ থানাৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী জনায়।

ইয়াৰ পাছত সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই প্ৰতিবাদকাৰী সকলক বুজাই সৈমান কৰায়। অহা ২৪ ঘন্টাৰ ভিতৰত চৌধুৰী নাৰ্চিং হোমখনৰ স্বত্বাধিকাৰী আৰু নাৰ্চক গ্ৰেপ্তাৰ নকৰিলে পুনৰ প্ৰতিবাদী কাৰ্য্যসূচী গ্রহণ কৰিব বুলি স্পষ্ট কৰি দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,536 other subscribers

Leave a comment

Leave a Reply