লখিমপুৰঃ লখিমপুৰত জ্বলিল বৰাক ডেমক্রেটিক ফ্ৰন্টৰ নেতা প্ৰদীপ দত্ত ৰয়ৰ পুত্তলিকা।
লখিমপুৰৰ আদালত ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে।
বৰাক উপত্যকাৰ পৰা অসমীয়া ভাষাত লিখা ফলক, বেনাৰ আঁতৰাবলৈ জনোৱা দাবীৰ প্ৰতিবাদত তেওঁৰ পুত্তলিকা দাহ কৰে অসমীয়া যুৱ মঞ্চই।
লগতে পঢ়কঃৰাজ্যৰ ৩৩গৰাকী চিকিৎসকৰ স্বেচ্ছামূলক অৱসৰ
অসমতে থাকি অসমৰ বায়ু পানী খাই অসম বিৰোধী স্থিতি লোৱা প্ৰদীপ দত্ত ৰয়ৰ এনে ভূমিকা কোনো কাৰণতে সহ্য কৰা নহ’ব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে।
অসমীয়া যুৱ মঞ্চই ইয়াৰ যোগ্য প্ৰত্ত্যুত্তৰ দিব বুলি সকিয়নী দিয়াৰ লগতে ২৪ ঘন্টাৰ ভিতৰত তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ মুখ্যমন্ত্রীক দাবী জনায়।