লখিমপুৰঃ ডিব্ৰুগড়ত আছু কৰ্মীক নিগ্ৰহৰ ঘটনাত লখিমপুৰতো আছুৰ তীব্ৰ প্ৰতিবাদ।
লখিমপুৰ নগৰৰ মাজেৰে প্ৰতিবাদী সমদল কৰি জিলা ছাত্রসন্থাৰ কেইবাশ সদস্যই বিক্ষোভ প্রদর্শন কৰে।
আছুৰ গণতান্ত্রিক আন্দোলনকাৰীক ৰাজনৈতিক পক্ষপাতিত্ব কৰি অত্যাচাৰ কৰি আৰক্ষীয়ে খাকী পোচাকত দাগ লগোৱা বুলি ধিক্কাৰ দি ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়া হ’ব বুলি সকীয়াই দিয়ে প্ৰতিবাদকাৰী সকলে।
লগতে পঢ়কঃখুমটাইত বগা বৰণৰ ব্যঞ্জনেৰে ৰাইজৰ পূজা-অৰ্চনা
লগতে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক আৰু মন্ত্রী অতুল বৰাৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
আছুৰ প্ৰাক্তন সভাপতি অতুল বৰাৰ নিৰ্দেশত আৰক্ষীয়ে আছুৰ গাত হাত দিয়া কাৰ্যক কোনোপধ্যেই মানি লোৱা নহ’ব বুলি হুংকাৰ দি মুখ্যমন্ত্রীক এই ক্ষেত্ৰত ব্যৱস্থা লোৱাৰ দাবী জনায়।
সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত, সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত ডিব্ৰুগড় আৰক্ষী অধীক্ষকে পুলিচ বাহিনীৰ সৈতে ডিব্ৰুগড় শ্বহীদ ভৱনত প্ৰৱেশ কৰি ছাত্ৰ কৰ্মীক প্ৰহাৰ কৰাৰ লগতে শ্বহীদ বেদীত জোতাৰে গচকি জাতীয় শ্বহীদক অপমান কৰাৰ প্ৰতিবাদত আজি থানা চাৰিআলিত বিক্ষোভ কাৰ্য্যসূচী পালন কৰে।
দীঘলীপুখুৰীৰ পাৰত আছুৰ প্ৰতিবাদ। সদৌ গুৱাহাটী ছাত্ৰ সন্থা আৰু কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাই সাব্যস্ত কৰিছে প্ৰতিবাদ। হোজাই জিলা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ। ডিব্ৰুগড় জিলাত ছাত্ৰ সন্থাৰ কৰ্মীৰ ওপৰত কৰা অত্যাচাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ।
মৰিগাঁৱৰ আকাশ বতাহ কঁপালে আছুৱে। আছু কৰ্মীক আৰক্ষীয়ে কৰা প্ৰহাৰৰ পিছতে আছুৰ সৰ্বত্ৰে প্ৰতিবাদ। মৰিগাঁৱৰ মাজমজিয়াত ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী। আছু কৰ্মীৰ ওপৰত কৰা প্ৰহাৰৰ বিৰুদ্ধে প্ৰতিবাদ। গ্ৰেপ্তাৰ কৰা আছু কৰ্মীসকলক বিনা চৰ্তে মুকলি কৰি দিয়াৰ দাবী বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ। বিশ্বনাথ চাৰিআলি ছহিদ ভৱনৰ সন্মুখত বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী।