লখিমপুৰঃ লখিমপুৰত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অবৈতনিক কৰ্মচাৰী সকলৰ প্ৰতিবাদ। পাৰিশ্ৰমিক নোপোৱাৰ অভিযোগত কৰ্মচাৰীসকলে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। কৰ্মচাৰীক USSERৰ কমিটিৰ জৰিয়তে ২০১৪ চনত ৪ মাহৰ বাবে ২০ হেজাৰকৈ টকা দিছিল । পাছত সেইয়াও বন্ধ হৈ পৰে। কৰ্মচাৰী সকলে ১০-১২ বছৰ ধৰি বিনা পাৰিশ্ৰমিকেৰে কাম কৰি থাকিবলগীয়া হোৱাৰ অভিযোগ উত্থাপন কৰিছে।
এই সন্দৰ্ভত বিভাগীয় শীর্ষ বিষয়া, মন্ত্রীক চাকৰি স্থায়ী কৰাৰ বাবে বহুবাৰ আবেদন জনোৱাৰ পাছতো কোনো নাই কাণসাৰ নিদিয়াৰ ফলত যোৱা ২ জুনৰ পৰা কৰ্মবিৰতি অব্যাহত ৰাখিছে কৰ্মচাৰী সকলে। এই কাৰ্যসূচীয়েও চৰকাৰৰ গা লৰাব নোৱাৰাত পুনৰ বৃহস্পতিবাৰে অনশন কাৰ্যসূচীৰে তেওঁলোকৰ চাকৰি স্থায়ী কৰাৰ দাবী জনায়।
‘আমি পানী দিছো,আমাক ভাত দিয়ক’ ধ্বনিৰে চৰকাৰক চাকৰি স্থায়ী কৰাৰ দাবী জনায় কৰ্মচাৰী সকলে। লগতে প্ৰতিবাদকাৰীসকলে উলংগ প্ৰতিবাদ কৰিবলৈও প্ৰস্তুত বুলি হুংকাৰ দিয়ে।