লখিমপুৰ, পল্লব মিলিঃ লখিমপুৰৰ বিহপুৰীয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাৰ বিৰুদ্ধে সাব্যস্ত উত্তাল প্ৰতিবাদ। মিচিং জাতিৰ প্ৰতি অসন্মানসূচক মন্তব্য কৰি গালি-গালাজ কৰাত জাঙুৰ খাই উঠিছে কেইবাটাও মিচিং জাতীয় সংগঠন। আজি এই ক্ষোভিত মিচিং জাতীয় সংগঠন কেইটাই উপায়ুক্তৰ কাৰ্যালয়ৰ প্ৰৱেশ দ্বাৰত আৰক্ষী বিষয়া উৎপল বৰাৰ পুত্তলিকা দাহ কৰে।
উল্লেখযোগ্য যে, যোৱা ১৮ এপ্রিলত বিহপুৰীয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰা আৰু তেওঁৰ গাড়ী চালক সীমান্ত বৰাই প্ৰহাৰ কৰিছিল থানাখনত কৰ্মৰত প্ৰেমেধৰ নৰহ নামৰ কনিষ্টবল গৰাকীক। আহত কনিষ্টবলগৰাকীয়ে জিলাৰ আৰক্ষী অধীক্ষকক ১৯ এপ্রিলত অভিযোগ দাখিল কৰিছিল যদিও কালিলৈকেে কোনো ব্যবস্থা গ্রহণ নকৰাত তেওঁ সংবাদ মাধ্যমেৰ কাষ চাপি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ পৰা ন্যায় বিচাৰে।
ইফালে, কনিষ্টবল গৰাকীক প্ৰহাৰ কৰাৰ সময়ত মিচিং জাতিৰ প্ৰতি অসন্মান সূচক কথাৰে গালি পৰাত আজি জাঙুৰ খাই উঠে এই মিচিং জাতীয় সংগঠনসমূহ। এই ঘটনাক লৈ টিএমপিকে লখিমপুৰ নগৰ সমিতি আৰু সদৌ অসম ট্ৰাইবেল য়ুথ লিগ লখিমপুৰ জিলা সমিতিয়ে জিলা উপায়ুক্ত কাৰ্যালয়ৰ প্ৰৱেশ দ্বাৰৰ সমুখত বিহপুৰীয়াৰ থানাৰ অ’চি উৎপল বৰাৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
আৰক্ষী বিষয়া উৎপল বৰাক গ্ৰেপ্তাৰ কৰাৰ উপৰি তেওঁক মিচিং জাতীৰ ওচৰত ক্ষমা খোজাৰ দাবী জনাই প্ৰতিবাদকাৰীসকলে। অন্যথা সমগ্র অসমজুৰি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ’ব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰীয়ে।